সম্পাদকীয় : কংগ্রেছৰ মহাপাপ
গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলসমূহৰ সাংগঠনিক ভেটি আৰু জনসমর্থন নিৰূপণ কৰে নির্বাচনসমূহে৷ ৰাজনৈতিক দল এটা যিমানেই শক্তিশালী নহওক কিয়, মাথোঁ দলীয় নেতা–কর্মীৰ জৰিয়তে নির্বাচনত সাফল্য লাভ কৰিব নোৱাৰে৷ সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাসেই হ’ল ৰাজনৈতিক দলসমূহৰ নির্বাচন জিকাৰ মূল চাবিকাঠী৷ কিন্তু নির্বাচনী বতৰত ৰাইজৰ মাজত প্রচাৰৰ জৰিয়তে ঢ়ৌ সৃষ্টি কৰিবলৈ দলীয় নেতা–কর্মীসকলে নির্ণায়ক ভূমিকা গ্রহণ কৰে৷ এইবাৰৰ অসম বিধানসভা নির্বাচন কংগ্রেছৰ বাবে হ’ব জীৱন মৰণৰ যুঁজ৷ একেৰাহে দুটা বিধানসভা নির্বাচনত পৰাজিত হৈ কংগ্রেছ দলটো যোৱা এটা দশক ক্ষমতাৰ বাহিৰত আছে৷ প্রকৃততে ২০১৪ৰ লোকসভা নির্বাচনত দেশজুৰি বলা পৰিৱর্তনৰ ছুনামিয়ে কংগ্রেছ দলটোক বিধ্বস্ত কৰে৷ বিগত ১২ বছৰ ধৰি অসমৰ যিমানকেইটা নির্বাচন অনুষ্ঠিত হৈছে তাৰ অধিকাংশ নির্বাচনতেই কংগ্রেছৰ বিপর্যয় হৈছে৷ দলটোৰ বহুসংখ্যক নেতা–কর্মীয়ে বিজেপি অথবা অন্যান্য দলত যোগদান কৰিছে৷ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ প্রদ্যুৎ বৰদলৈ প্রমুখ্যে দলটোৰ বহুসংখ্যক নেতা বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাটো দলটোৰ বাবে এক বৃহৎ প্রত্যাহ্বান৷ দেশে স্বাধীনতা লাভ কৰাৰ সময়ৰে পৰা অধিকাংশ সময় ক্ষমতাত থকা কংগ্রেছ দলৰ নেতা–কর্মীৰ বাবে দীর্ঘকাল ক্ষমতাৰ বাহিৰত থকাতো সহজ কথা নহয়৷ ক্ষমতাৰ বাহিৰত থকাৰ লগে লগে শতিকাপুৰণি দলটোৰ নেতা–কর্মীসকলৰ মনোবল ভাগি পৰিছে৷ কংগ্রেছ দলে ধাৰাবাহিক নির্বাচনী বিপর্যয়ৰ সন্মুখীন হ’লেও ৰাজ্যখনৰ অন্যান্য বিৰোধী ৰাজনৈতিক দলৰ তুলনাত দলটোৰ দলীয় নেতা–কর্মীৰ সংখ্যা অধিক৷ কিন্তু ভোটবেংক ৰাজনীতিক অগ্রাধিকাৰ দি খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ উপেক্ষা কৰাৰ বাবে কংগ্রেছ দলৰ শীর্ষ নেতৃত্বই গ্রহণ কৰা স্থিতিৰ বিষময় ফল ভুগিছে দলটোৰ নেতা–কর্মীসকলে৷ অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ আস্থা আৰু বিশ্বাস অবিহনে কোনো ৰাজনৈতিক দলে ক্ষমতা দখলৰ জোখাৰে নির্বাচনত শক্তি আহৰণ কৰিব নোৱাৰে৷ এই তথ্য প্রতিটো বিধানসভা নির্বাচনত স্পষ্ট হৈছে৷ বিগত ১২ বছৰ ধৰি ৰাজ্যখনৰ প্রতিটো নির্বাচনত কংগ্রেছৰ বিপর্যয়ৰ অন্যতম কাৰকো আছিল খিলঞ্জীয়া জাতি–জনগোষ্ঠী লোকসকলৰ মাজত সৃষ্টি হোৱা আস্থাহীনতা৷ কংগ্রেছ দলটো যেতিয়াই ক্ষমতাত অধিষ্ঠিত হৈছিল সেই নির্বাচনত দলটোৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ প্রতিনিধিত্ব নির্ণায়ক হৈ আছিল৷ কিন্তু বিগত দুটা বিধানসভা নির্বাচনত কংগ্রেছৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ প্রতিনিধিত্ব প্রায় শূন্য হৈছে৷ দুধনৈ সমষ্টিত যাদৱ স্বর্গীয়াৰীৰ বাহিৰে কংগ্রেছৰ কোনো বড়ো প্রতিনিধি নাই৷ মিচিং, কার্বি, ডিমাচা, তিৱা, ৰাভা, দেউৰী, কোচ ৰাজবংশী, মৰাণ, মটক আদি জনগোষ্ঠীৰ কোনো প্রতিনিধিক বিধানসভালৈ নির্বাচিত কৰিবলৈ সক্ষম হোৱা নাই৷ মাথোঁ বাংলাদেশী মূলৰ লোকসকলৰ সমর্থনত কংগ্রেছ দলে কেতিয়াও ক্ষমতা দখল কৰাবলৈ শক্তি আহৰণ কৰিব নোৱাৰে৷
অসমৰ নির্বাচনী প্রচাৰৰ বাবে অহা কৃষক উন্নয়ন আৰু গ্রামোন্নয়ন বিভাগৰ কেন্দ্রীয় মন্ত্রী শিৱৰাজ সিং চৌহানে স্পষ্টভাৱে কৈছে যে কংগ্রেছে অসমৰ বাবে পাঁচটা মহাপাপ কৰি থৈছে৷ প্রথমটো মহাপাপ হ’ল দেশে স্বাধীনতা সংগ্রামৰ পৰিসমাপ্তিৰ সময়ত গ্রুপিঙৰ অধীনত অসমক পূব পাকিস্তান তথা বর্তমান বাংলাদেশৰ অধীনস্থ কৰিবলৈ চক্রান্ত চলাইছিল৷ সেই সময়ত লোকপ্রিয় গোপীনাথ বৰদলৈয়ে বলিষ্ঠ স্থিতি গ্রহণ নকৰাহেঁতেন অসম আজি বাংলাদেশৰ অধীন হৈ থাকিলেহেঁতেন৷ দ্বিতীয়তে, ১৯৬২ত চীনে ভাৰত আক্রমণ কৰাৰ সময়ত তদানীন্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে অসম তথা উত্তৰ–পূর্বাঞ্চলবাসীক সুৰক্ষা প্রদান কৰাৰ বিপৰীতে অসমবাসীক বিদায় দিছিল৷ তৃতীয়তে, ভোটবেংকৰ স্বার্থত কংগ্রেছে বাংলাদেশী অনুপ্রৱেশকাৰীক অসমত প্রৱেশ কৰাত সুবিধাজনক পৰিৱেশ ৰক্ষা কৰি ইয়াৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ভৱিষ্যৎ বিপন্ন কৰি তুলিছিল৷ আনকি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানতো অনুপ্রৱেশকাৰীয়ে বেদখল কৰিছিল৷ চতুর্থতে, অসমৰ মহান ব্যক্তিসকলক ৰাষ্ট্রীয় পর্যায়ত উত্থাপন আৰু মর্যাদা প্রদান কৰা নাছিল কংগ্রেছে৷ লোকপ্রিয় গোপীনাথ বৰদলৈ আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ মৃত্যুৰ বহু বছৰ পিছতহে বিজেপি নেতৃত্বাধীন চৰকাৰে ‘ভাৰতৰত্ন’ৰে সন্মানিত কৰে৷ পঞ্চমতে, অবৈধ বিদেশী বহিষ্কৰণৰ দাবীত দেশৰ ভিতৰতে অসমত প্রথম আন্দোলন হৈছিল৷ কংগ্রেছে অসম আন্দোলনৰ বিৰোধিতা কৰাই নহয়, সেই সময়ৰ কংগ্রেছ চৰকাৰে আন্দোলনটো প্রতিৰোধ কৰিবলৈ ৮৬০জন আন্দোলনকাৰীক গুলীয়াই হত্যা কৰিছিল৷ কেন্দ্রীয় মন্ত্রী চৌহানে উত্থাপন কৰা কংগ্রেছৰ পাঁচ মহাপাপৰ অভিযোগ নিশ্চিতভাৱে গুৰুত্বপূর্ণ৷ কেন্দ্রীয় মন্ত্রী চৌহান দেশৰ এগৰাকী জনপ্রিয় নেতা৷ ১৯৯০ৰ পৰা ধাৰাবাহিকভাৱে নির্বাচিত চৌহানে ২০০৫ চনৰ পৰা ২০১৮ চনলৈ আৰু ২০২০ৰ পৰা ২০২৩লৈ মধ্যপ্রদেশৰ মুখ্যমন্ত্রীৰ আসনত আছে৷ মধ্যপ্রদেশৰ দীর্ঘকাল মুখ্যমন্ত্রীৰ আসনত থকা কেন্দ্রীয় মন্ত্রী চৌহানে এতিয়াও শিপাৰ স’তে সম্পর্ক ৰক্ষাত গুৰুত্ব আৰোপ কৰে৷ কেন্দ্রীয় মন্ত্রী চৌহানে উত্থাপন কৰা অভিযোগ কংগ্রেছ নেতৃত্বই বিৰোধী নেতাৰ অভিযোগৰূপে উৰাই দিব পাৰে কিন্তু এনে অভিযোগ অসমবাসীৰ বাবে গুৰুত্বপূর্ণ৷ মন্ত্রী চৌহানৰ এনে বিস্ফোৰক বক্তব্যক লৈ কংগ্রেছ নেতৃত্বই আনুষ্ঠানিকভাৱে প্রতিক্রিয়া প্রকাশ কৰা নাই৷ কিন্তু কংগ্রেছ নেতৃত্বই নীৰৱে থাকিলেও এনে গুৰুতৰ অভিযোগৰ পৰা দলটো মুক্ত হ’ব নোৱাৰে৷ অসমৰ খিলঞ্জীয়া লোকসকলৰ বিৰুদ্ধে চলা এনে ঐতিহাসিক ভুলৰ শাস্তি ইতিমধ্যে শতিকা পুৰণি দলটোক খিলঞ্জীয়া লোকসকলে দি থৈছে৷ কিন্তু কংগ্রেছৰ নেতৃত্বই পূর্বৰ ভুলৰ পৰা শিকনি লোৱাৰ কোনো পদক্ষেপ গ্রহণ কৰা নাই৷ বাংলাদেশী অনুপ্রৱেশকাৰীয়ে খিলঞ্জীয়া লোকসকলৰ জীৱন আৰু সম্পত্তিৰ সৈতে গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰা সত্ত্বেও কংগ্রেছ দলে মিঞা তোষণৰ ৰাজনীতিত অগ্রাধিকাৰ প্রদান কৰিছে৷ ইফালে ৰাজ্যখনৰ ডেৰ লাখ বিঘাৰো অধিক বেদখলী ভূমিত মিঞাক উৎখাত কৰি খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমর্থন অটুট ৰখাৰ পদক্ষেপ লৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দ্বিতীয়টো কার্যকালত ৰাজ্যখনৰ ৫ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰা হ’ব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে হুংকাৰ দিছে৷ এনে পৰিস্থিতিত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাসৰ দুৱাৰখনৰ দূৰত্ব কংগ্রেছৰ বাবে বাঢ়ি গৈছে৷