ডিজিটেল ডেস্ক, ২ এপ্ৰিল : হাইলাকান্দিত পুনৰ লাভ জেহাদৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ লাভ জেহাদত জড়িত থকাৰ অভিযোগত হাইলাকান্দিত এজনক গ্ৰেপ্তাৰ কৰা হৈছে। হাইলাকান্দি তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ গাড়ীচালক হায়দাৰ আলীক হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে নিজৰ ধৰ্ম আৰু পৰিচয় লুকুৱাই এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ লগতে পাছত ব্লেকমেইল কৰি মহিলাগৰাকীৰ পৰা ধন আদায় কৰাৰ অভিযোগ উত্থাপিত হৈছে।
৩৪ বছৰীয়া হায়দাৰ আলীৰ ঘৰ দৰং জিলাৰ জুগীপাৰা গাঁৱত বুলি জানিব পৰা গৈছে। কালি সন্ধিয়া আৰক্ষীয়ে হায়দাৰক আদালতত হাজিৰ কৰায়। হাইলাকান্দি আদালতে জেৰাৰ বাবে তেওঁক এদিনীয়া আৰক্ষী ৰিমাণ্ডত প্ৰেৰণ কৰিছে।
আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি, হায়দাৰ দীঘলীয়া সময় ধৰি হাইলাকান্দিৰ তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল। কিন্তু তেওঁ নিজকে “ৰাহুল” নামে পৰিচয় দিছিল। “Rahul RDx” নামে এটা ফেচবুক একাউণ্টো আছিল তেওঁৰ।
নিজকে হিন্দু ধৰ্মাৱলম্বী বুলি দেখুৱাই তেওঁ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। পাছত সেই মহিলাক ধনৰ বাবে ব্লেকমেইল কৰাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰিছে। লগতে দাবী কৰা ধন নিদিলে অন্তৰংগ ভিডিঅ’ আৰু ফটো ভাইৰেল কৰাৰ ধমকি দিছিল বুলি অভিযোগ উঠিছে।
নিজে বিবাহিত হোৱা সত্ত্বেও তেওঁ নিজকে অবিবাহিত বুলি দেখুৱাই মহিলাসকলক ফুচলোৱাৰ অভিযোগো উত্থাপিত হৈছে। আৰক্ষীয়ে হায়দাৰৰ মোবাইল আৰু পেনড্ৰাইভৰ পৰা একাধিক বিতৰ্কিত ভিডিঅ’ আৰু ফটো উদ্ধাৰ কৰিছে।