সম্পাদকীয় : ক্ষমতা-দায়িত্ব
ব’হাগ আহিছে৷ ব’হাগ আহিছে বুলি অসমীয়াৰ গাত চ’ততেই বিহু লাগে৷ কুলি, কেতেকীয়ে ব’হাগ অহাৰ বতৰা দিয়ে৷ ফাগুনে লঠঙা কৰা গছত কুঁহিপাত মেলে৷ চ’তৰ বৰষুণজাকে শুকান ধৰাক জীপাল কৰে৷ চ’ততে নোহোৱা হয় ধূলিয়ৰি বাট৷ আৰম্ভ হয় বিহুৰ আখৰা৷ তাঁতশালত ব্যস্ত হয় শিপিনী৷ কিন্তু এইবাৰ অলপ কথাবোৰ সুকীয়া৷ ব’হাগ বিহুৰ আগতেই আছে নির্বাচন৷ নির্বাচনৰ জ্বৰত আক্রান্ত ৰাজ্যবাসী৷ গাঁৱে গাঁৱে দ্রুতগতিত চলিছে নির্বাচনী প্রচাৰ৷ শাসক–বিৰোধী সকলোৱে প্রচাৰত ব্যস্ত৷ ৰাইজৰো নেতাৰ ভাষণ শুনিবলৈ ব্যস্ততাৰ অন্ত নাই৷ আড্ডাবোৰত বিহুতকৈ অধিক ৰাজনৈতিক কথা–বতৰাবোৰেহে স্থান লাভ কৰিছে৷ নকৰিবনো কিয়, সঠিক মানুহক নির্বাচন নকৰিলে ৰাজ্যখনে প্রগতিৰ দিশত আগবাঢ়িব নোৱাৰিব৷ কিন্তু এইবাৰ নির্বাচনী প্রচাৰত সমস্যাতকৈ ব্যক্তিগত আক্রমণতহে অধিক গুৰুত্ব দিয়া দেখা গৈছে৷ নির্বাচনী প্রচাৰত নেতাৰ ভাষণে এচাম মানুহক অতিষ্ঠ কৰিছে৷ নির্বাচনত জয়ী হৈ কোনে কি কৰিব বা কি কৰিলে, তাৰ হিচাপ দিয়াতকৈ কোন প্রার্থী কিমান বেয়া, কাৰ কিমান ঘৃণনীয় অতীত আছে তাক লৈহে ব্যস্ত হৈ পৰিছে বিৰোধী৷ শাসকীয় দল বিজেপিয়ে বিগত বর্ষসমূহত নিবনুৱাক সংস্থাপন, ৰাস্তাকে আদি কৰি মহিলাসকলৰ বাবে যিবোৰ আঁচনি সৃষ্টি কৰিলে, সেই আঁচনিবোৰ বাহাল ৰখাৰ উপৰি প্রগতিৰ দিশত আৰু অধিক শক্তিশালীভাৱে আগুৱাই যাবলৈ পুনৰবাৰ ৰাইজৰ পৰা ভোট বিচাৰিছে৷
আনফালে বিৰোধীয়ে জয়ী হ’লে কি কাম কৰিব, তাৰ পৰিকল্পনা ৰাইজক জনোৱাৰ বিপৰীতে ব্যক্তিগত আক্রমণতহে অধিক গুৰুত্ব দিয়া দেখা গৈছে৷ অলপতে বিৰোধী দল কংগ্রেছে নতুন বৰ অসমৰ বাবে ৰাইজক ৫টা প্রতিশ্রুতি দিছে, সেই প্রতিশ্রুতিকেইটা হ’ল– প্রতিগৰাকী মহিলাৰ বেংক একাউণ্টলৈ চর্তবিহীন মাহিলি ধন, জ্যেষ্ঠ নাগৰিকক মাহিলি পেন্সন, স্বাস্থ্য বীমা, জুবিন গার্গৰ ন্যায়, ভূমি অধিকাৰ৷ কিন্তু আচৰিত কথাটো হ’ল– এই ৫টা প্রতিশ্রুতিৰ ভিতৰত শিক্ষা, সংস্থাপনৰ প্রতিশ্রুতি নাথাকিল৷ শিক্ষা, সংস্থাপন অবিহনে বিৰোধীয়ে কিদৰে বৰ অসম গঢ়িব এই কথাবোৰ চিন্তনীয় নহয়নে? কেৱল কাৰোবাক সমালোচনা কৰি, কাৰোবাক ব্যক্তিগত আক্রমণ কৰি নির্বাচনী বৈতৰণী পাৰ কৰিম বুলি ভবা কথাবোৰ সমাজ জীৱনৰ বাবে অতিকৈ ভয়ংকৰ৷ গতিকে, এজন নেতা জয়ী হ’লে সমাজখন কিদৰে গঢ়িব, কি কি কাম কৰিব, কি পৰিকল্পনা আছে এই কথাবোৰ অৱগত কৰা নেতাকহে ৰাইজে গুৰুত্ব দিব লাগে৷
সম্প্রতি ৰাজনৈতিক পৰিৱেশ প্রদূষিত হৈছে৷ নীতি–আদর্শ বুলিবলৈ একো নাই৷ ৰাতিৰ ভিতৰতেই সলনি হৈ যায় সিদ্ধান্ত৷ যেন ৰাজনীতিৰ পথাৰখনত বিচৰণ কৰি ফুৰিছে এচাম আদর্শহীন, নীতিহীন, স্বার্থপৰ লোক৷ ভাৰতবর্ষৰ সোণালী যুগৰ ৰচয়িতা, চিন্তাবিদ চাণক্যই গঢ়ি থৈ যোৱা সুদৃঢ় ভেটিত যেন এতিয়া তিতালাউ গজিছে৷ মানুহে ৰাজনীতি এৰাই চলিব নোৱাৰে৷ গতিকে, ৰাজনীতিৰ সৈতে আমি জড়িত হ’বই লাগিব৷ সন্মুুখত জুই লগা দেখিলে তাক নুমুৱাবলৈ চেষ্টা কৰাৰ বিপৰীতে ঘৰত আবদ্ধ হৈ মনে মনে বহি থাকিলে নহ’ব৷ সেই জুহকুৰা কিদৰে নির্বাপণ কৰিব পাৰি, তাত গুৰুত্ব দিব লাগিব৷ সেয়ে এই সময়খিনিত আমি ভোটাৰ হিচাপে যথেষ্ট সচেতন আৰু সজাগ হোৱাৰ প্রয়োজন আছে৷ সকলো ফালে চকু–কাণ খুলি উপযুক্তজনক জয়ী কৰোৱাটো আমাৰ নৈতিক দায়িত্ব৷ তাৰ বাবে প্রতিটো দিশ বিচাৰ–বিশ্লেষণ কৰিব লাগিব৷ চাণক্যই কৈছিল– মানুহৰ খং তোলাটো সকলোতকৈ সহজ, কন্দুওৱাটোও সহজ, হঁহুৱাব পৰাটো অলপ টান কাম, কিন্তু সকলোতকৈ অধিক টান কামটো হ’ল আমি মানুহক চিন্তা কৰিবলৈ শিকোৱাটো৷
আমি সকলোবোৰ দেখি–শুনি চিন্তা কৰিবলৈ শিকিব লাগিব৷ চিন্তা কৰাৰ প্রক্রিয়া সঠিক নহ’লে কর্মবোৰো সঠিক নহ’ব, কর্ম সঠিক নহ’লে ফলাফলো নেতিবাচক হ’ব৷ নেতাসকলেও সঠিক চিন্তাৰে, বাস্তৱসন্মত পৰিকল্পনাৰে ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে প্রয়াস কৰিব লাগিব৷ নির্বাচন খেলি জয়ী হৈ ক্ষমতা লাভ কৰিলোঁ বুলি কামলৈ পিঠি দিলে নহ’ব৷ নেতাই বুজি পোৱা উচিত যে ৰাইজে ক্ষমতা দিয়া নাই, দায়িত্বহে দিছে৷ গতিকে, দায়িত্ববোৰ সঠিকভাৱে পালন কৰিব লাগে৷ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে৷ বহুতে নির্বাচনত জয়ী হৈ ক্ষমতাতহে গুৰুত্ব দিয়া দেখা যায়, দায়িত্ববোৰ এলাগী হৈ পৰে৷ এবাৰ এপিজে আব্দুল কালামে কৈছিল– ‘ৰাষ্ট্র গঢ়িবলৈ ৰাজনৈতিক নেতাসকল সৃষ্টিশীল হ’ব লাগিব৷ তেওঁঁলোকৰ ৰাষ্ট্র গঢ়াৰ সুন্দৰ ভিছন থাকিব লাগিব৷’ গতিকে, দেশখনক সঠিক দিশত আগুৱাই নিবলৈ হ’লে নেতাসকল শিক্ষিত হোৱাৰ লগতে সৃষ্টিশীল, চিন্তাশীল ব্যক্তি হোৱাটো জৰুৰী৷ সেয়ে ৰাইজে উপযুক্ত নেতাজনক জয়ী কৰোৱাটো উচিত৷ যিজন নেতাই ক্ষমতাতকৈ দায়িত্বক উপলব্ধি কৰিব পাৰে৷