ডিজিটেল ডেস্ক, ৩ এপ্রিল : যোৱা ৫ বছৰত প্রতিদিনে বিদেশত কর্মৰত ২০জন ভাৰতীয় শ্রমিকৰ মৃত্যু হয়৷ অধিকাংশৰে মৃত্যু ঘটিছে পশ্চিম এছিয়াৰ দেশসমূহত৷ ইৰান যুদ্ধৰ ফলত মধ্যপ্রাচ্যৰ অস্থায়ী বাসিন্দা ভাৰতীয়সকলক লৈ যি সময়ত উদ্বেগ বৃদ্ধি পাইছে সেই সময়তে এই অস্বস্তিকৰ তথ্য পোহৰলৈ আনিছে বিদেশ মন্ত্রালয়ে৷
বিদেশ মন্ত্রালয়ৰ ৰাজ্যমন্ত্রী কীর্তিবর্ধন সিঙে এক লিখিত প্রশ্ণৰ উত্তৰত জনায় যে ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিদেশত ৩৭,৭৪০জন ভাৰতীয় শ্রমিকৰ মৃত্যু হয়৷ ২০২১ চনত আটাইতকৈ বেছি ৮,২৩৪জনৰ মৃত্যু হয়৷ এই মৃত্যুৰ সংখ্যা ২০২২ চনত কম হয়৷ সেই বছৰটোত ৬,৬১৪জনৰ মৃত্যু হয়৷ পৰৱর্তী ৩ বছৰত ক্রমে ২০২৩ চনত (৭,৯২১), ২০২৪ চনত (৭,৭৪৭) আৰু ২০২৫ চনত (৭,৮৫৪) এই সংখ্যা বৃদ্ধি পায়৷