নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৃথিৱীৰ কক্ষপথ এৰি চন্দ্ৰৰ দিশে ধাৱমান আৰ্টেমিছ-২, পাঁচ দশকৰ পিছত চন্দ্ৰলৈ মানৱ অভিযান

ডিজিটেল ডেস্ক, ৩ এপ্রিল : অৱশেষত সেই বিশেষ ঐতিহাসিক মুহূর্তৰ সাক্ষী হ’ল সমগ্র বিশ্ব৷ সুদীর্ঘ ৫ দশকৰ পিছত চন্দ্র অভিমুখে ৰাওনা হোৱা ৪ মার্কিন মহাকাশচাৰী কঢ়িয়াই নিয়া মহাকাশ যানখনে পৃথিৱীৰ কক্ষপথ এৰি এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে ৷ ইয়াৰ লগে লগে নাছাৰ এই আৰ্টেমিছ-২ অভিযানে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে।

উল্লেখ্য যে ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে নিচেই পুৱাতে আর্টেমিছ–২ৰ সফল উৎক্ষেপণ কৰে মার্কিন মহাকাশ সংস্থা নাছাই৷ বৃহস্পতিবাৰে পুৱা ৩.৫৪ বজাত মহাকাশলৈ উৎক্ষেপণ কৰা এই মহাকাশ যানখনে পিছে চন্দ্রৰ মাটিত অৱতৰণ নকৰে৷ এয়া এক পৰীক্ষামূলক অভিযানহে মাত্র৷ এই পদক্ষেপক মানুহৰ গভীৰ মহাকাশলৈ যোৱাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে গণ্য কৰা হৈছে ।

আমেৰিকাৰ ফ্ল’ৰিডাত থকা কেনেডী স্পেচ চেণ্টাৰৰ পৰা মহাকাশ যানখন চন্দ্র অভিমুখে ৰাওনা হয়৷ এইখনেই নাছাৰ প্রথম মানৱবাহী চন্দ্রযান৷ এই চন্দ্রযানতে ৰাওনা হৈছে আমেৰিকাৰ তিনিগৰাকী আৰু কানাডাৰ এগৰাকী মহাকাশচাৰী৷ তেওঁলোক হ’ল ৰীড ৱাইজমেণ্ট, ভিক্টৰ গ্ল’ভাৰ তথা ক্রিষ্টিনা কছ আৰু জেৰেমী হেনচেন৷ অহা ১০ দিন ধৰি ঘণ্টাত প্রায় ৯৬০০ কিঃ মিঃ বেগেৰে মহাকাশ যানখনে চন্দ্রক প্রদক্ষিণ কৰিব আৰু মহাকাশচাৰীসকলে বিভিন্ন পৰীক্ষা–নিৰীক্ষা চলাব৷ তাৰ পিছত মহাকাশযানখন পুনৰ পৃথিৱীলৈ উভতি আহিব৷

নাছাৰ মুৰব্বী জেৰেড আইজাকমেনে এক্সত এই কৃতিত্ব নিশ্চিত কৰি কয় যে ট্ৰেন্সলুনাৰ ইনজেকচন বাৰ্ন সফলতাৰে সম্পূৰ্ণ হৈছে আৰু আৰ্টেমিছ-২ৰ ক্ৰুৱে এতিয়া চন্দ্ৰৰ ফালে আগবাঢ়িছে ।

জানিব পৰা মতে, এই অভিযানটো যদি সফল হয় তেনেহ’লে আগন্তুক দিনত নাছাই আর্টেমিছ–৩ৰ পৰিকল্পনা কৰিব৷ তেতিয়া সেইখনেই চন্দ্রৰ মাটিত অৱতৰণ কৰিব৷ লক্ষণীয়ভাৱে ইমান দীঘলীয়া সময়ৰ পিছত চন্দ্রৰ বুকুলৈ নাছাই মানুহ পঠিয়াইছে, অথচ সাধাৰণ মার্কিন নাগৰিকৰ মাজত তাক লৈ কোনোধৰণৰ উৎসাহ দেখিবলৈ পোৱা হোৱা নাই৷ ধাৰণা কৰা হৈছে যে অর্থনৈতিক সংকট, আভ্যন্তৰীণ ৰাজনৈতিক বিভাজনৰ লগতে দৈনন্দিত জীৱনৰ সমস্যাসমূহক তেওঁলোকে মহাকাশ অভিযানতকৈ বেছি গুৰুত্ব দিছে৷ সেই কাৰণে এই অভিযানক লৈ তেওঁলোকৰ উৎসাহৰ অভাৱ৷

You might also like