নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল ডেস্ক, ঢকুৱাখনা, ৩ এপ্ৰিল : ৰাজ্যত নিৰ্বাচনী গৰম বতাহ। চমু চাপিছে নিৰ্বাচনৰ দিন, তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। প্রতিকূল বতৰকো নেওচি ৭৭নং ঢকুৱাখনা বিধানসভা সমষ্টিত শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ জোৰদাৰ নির্বাচনী প্রচাৰে ভোটাৰ ৰাইজক আকর্ষিত কৰি তুলিছে। সাধাৰণ ভোটাৰ ৰাইজৰ মাজত সোমাই দুয়োটা দলে নিজা নিজা দলীয় নীতি-আদর্শ প্ৰচাৰ কৰাৰ সমান্তৰালভাৱে চৰকাৰ গঠন কৰিব পাৰিলে নানা সা-সুবিধা প্রদান কৰাৰ প্রতিশ্রুতি আগবঢ়াইছে।

ঢকুৱাখনা সমষ্টিৰ পৰা তিনিবাৰকৈ বিধায়ক হিচাপে প্ৰতিনিধিত্ব কৰা বিজেপি মিত্রজোঁটৰ প্রার্থী নৱ কুমাৰ দলেই প্রতিদিনে ৬-৭খনকৈ নির্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰিছে। সমান্তৰালভাৱে বিৰোধী দল কংগ্রেছৰ প্রার্থী আনন্দ নৰহো পিছপৰি থকা নাই। বিজেপি মিত্রজোঁটৰ প্রার্থী নৱ কুমাৰ দলেই ইখনৰ পিছত সিখন নির্বাচনী প্রচাৰ সভাত বুজনসংখ্যক দলীয় সমর্থকৰ লগতে সকলো শ্রেণীৰ ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। পোন্ধৰ বছৰীয়া ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট নৱ কুমাৰ দলেই নির্বাচনী প্রচাৰ সভাসমূহত কোনোধৰণৰ বিশেষ আক্রমণাত্মক বাক্যবাণৰ সলনি সম্পূর্ণ মার্জিত ভাষাৰে দাঙি ধৰা ভাষণে সকলো শ্রেণীৰ ৰাইজক আশ্বস্ত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে। প্ৰতিখন নিৰ্বাচনী সভাতে বিধায়ক হিচাপে ১৫ বছৰীয়া আৰু বিজেপিয়ে বিগত ১০ বছৰত ঢকুৱাখনাৰ বাবে কৰা উন্নয়নমূলক কামৰো খতিয়ান দাঙি ধৰে প্রার্থীগৰাকীয়ে।

ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰৰ বিগত দিনত সকলো ক্ষেত্রতে হোৱা দ্রুত উন্নয়ন আৰু বিভিন্ন চৰকাৰী আঁচনিয়ে ৰাইজক কেনেধৰণে উপকৃত কৰিলে, সেয়া ভোটাৰ ৰাইজক অৱগত কৰি মিত্রজোঁটৰ প্রার্থী দলেই আগন্তুক দিনত ঢকুৱাখনাৰ বিকাশ আৰু উন্নয়নত অধিক গুৰুত্ব প্রদান কৰিব বুলিও প্ৰতিখন নিৰ্বাচনী সভাতে নিশ্চিতি প্রদান কৰিছে। ইয়াৰ মাজতে সমষ্টিটোত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুখনকৈ বিশাল জনসভাত অংশগ্ৰহণ কৰি বিজেপি প্রার্থী নৱ কুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই যোৱাক কেন্দ্ৰ কৰি বিজেপি মিত্ৰজোঁটৰ শিবিৰক আত্মবিশ্বাসী কৰি তুলিছে। এক কথাত শাসক-বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ উঠিছে ঢকুৱাখনা সমষ্টিত।

You might also like