নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৩ এপ্ৰিল : চামগুৰিত পুনৰ নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হোৱাত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। যাৰ বাবে চামগুৰিত পুনৰ উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী পৰিস্থিতি।
বিজেপিৰ অভিযোগ অনুসৰি, যোৱানিশা পেনাইস্থিত তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত কংগ্ৰেছ কৰ্মীয়ে অগ্নিসংযোগ কৰে। নিশা আন্ধাৰৰ সুযোগ লৈ বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয়ৰ বেনাৰ-পোষ্টাৰ আৰু দলীয় প্ৰতীকৰ কাপোৰ ছিঙি অগ্নিসংযোগ কৰি জ্বলাই দিয়ে। উল্লেখযোগ্য যে কেইদিনমান পূৰ্বে পেনাইত কংগ্ৰেছৰ একাংশ কৰ্মীয়ে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ ফলত ৪জন লোক আহত হৈছিল।
উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ অগ্নিসংযোগ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ সমষ্টিটোত উত্থানত কংগ্ৰেছ দল শংকিত হৈ এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনাস্থলীত খাটোৱাল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।