নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংখাঙত মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী সভাত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি

টিংখাং সমষ্টিতেই নহয় জিলা খনৰ অন্যান্য সমষ্টিটো  বিজেপি প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ যোৱা বিমল বড়াই আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ ছযটা বিধান সভা সমষ্টিৰ ভিততৰত আটাইকেইটা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হব বুলি দৃঢ়তাৰে সদৰী কৰে

যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমুহৰ মাজত। দিনে নিশাই সমষ্টিৰ চুকে কোনে, ঘৰে ঘৰে প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে দলীয় নেতা পলি নেতাসকলক।

ৰাইজৰ মাজত প্ৰতিশ্ৰুতি ঢল বোৱাই ভোটাৰৰ মন জয় কৰি নিৰ্বাচনৰ বৈতৰণী পৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো ৰাজনৈতিক দলে। ডিব্ৰুগড় জিলাৰ ৯১  টিংখাং বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ বিমল বড়া, কংগ্ৰেছৰ বিপুল গগৈ আৰু জয় ভাৰত পাৰ্টিৰ মহাবিৰ বাস্কেও জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে।

শাসকীয় দলটোৰ পৰা তৃতীয় বাৰলৈ প্ৰাৰ্থীত্ব লাভ কৰা বিমল বড়াই পুৱাৰ পৰা দুপৰ নিশালৈকে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টি বাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰতিখন ৰাজনৈতিক সভাতেই বড়াই পূৰ্বৰ কংগ্ৰেছ দলে সমষ্টিবাসীক কৰি অহা চৰম প্ৰতাৰণা আৰু অনুন্নয়নৰ কথা কৈ ৰাইজৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

বড়াই ভাষণত বিগত ২০১৬ চনৰ আগলৈকে টিংখাং সমষ্টিত কেৱল ৫০ কিলোমিটাৰ পকী পথ আছিল। যোৱা ১০ বছৰত টিংখাঙত ৯৫০ কিলোমিটাৰ পথ পকীকৰণ কৰা হৈছে বুলি কোৱাৰ লগতে ২০১৬ৰ আগলৈকে টিংখাঙৰ আধাতকৈ বেছি গাঁৱতে বিদ্যুতৰ সংযোগ নাছিল। কিন্তু টিংখাঙত বৰ্তমান এখনো গাওঁ বাকী নাই যত বিদ্যুতৰ পোহৰ পৰা নাই।

তদুপৰি বৰ্তমান টিংখাঙত কৃষি ক্ষেত্ৰত, উদ্যোগীকৰণৰ ক্ষেত্ৰততো নতুন দিগনতৰ সূচনা হৈছে। এতিয়া টিংখাঙৰ ৰাইজে বুজি পোৱা হৈছে। যাৰ বাবে প্ৰতিখন সভাতেই ৰাইজৰ অভূতপূৰ্ব সহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ বুলি কৈ  আগন্তুক নিৰ্বাচনত টিংখাঙত  বিপুল ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হম বুলি দাবী কৰে।

ইফালে কেৱল নিজৰ টিংখাং সমষ্টিতেই নহয় জিলা খনৰ অন্যান্য সমষ্টিটো  বিজেপি প্ৰাৰ্থী হৈ প্ৰচাৰ চলাবলৈ যোৱা বিমল বড়াই আগন্তুক নিৰ্বাচনত ডিব্ৰুগড় জিলাৰ ছযটা বিধান সভা সমষ্টিৰ ভিততৰত আটাইকেইটা সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হব বুলি দৃঢ়তাৰে সদৰী কৰে।

নিয়মীয়া বাৰ্তা, টিংখাং, ৩ এপ্ৰিল

You might also like