এক কল্পনা কৰিব নোৱাৰা ভয়ংকৰ হত্যা কাণ্ড আজি সংঘটিত হয় লখিমপুৰত। এই অকল্পনীয় ভয়ংকৰ ঘটনাটো সংঘটিত হয় চলন্ত ৰেলত। চলন্ত ৰেলত নিজৰ কণমানি কন্যাক ঘপিয়াই শিৰচ্ছেদ কৰিলে এজন পিতৃ নামধাৰী নৰৰক্তপিপাসুৱে।
মানৱ সমাজক লজ্জানত কৰা এই ঘটনাতো জিলাখনৰ চিলনীবাৰী ৰেল ষ্টেচনৰ কাষত সংঘটিত হয়। তেজপুৰৰ ডেকাৰ গাৱৰ পৰা মুৰ্কংচেলেক অভিমূখী ইন্টাৰচিটি ৰেলখনত এই ভয়ংকৰ ঘটনাটো ঘটে।
জানিব পৰা মতে ধেমাজি জিলাৰ গোগামুখৰ চাওতাল গাঁও নিবাসী সুনীল মুৰ্মুৱে নিজৰ প্ৰায় ছবছৰীয়া কন্যাসহ গহপুৰৰ পৰা ঘৰলৈ বুলি সেই ৰেলখনত যাত্রা কৰিছিল। কিন্তু ৰেলখন আহি লখিমপুৰৰ চিলনীবাৰী ৰেল ষ্টেচন পোৱাৰ কিছু আগতে নিজৰ মোনাত থকা দা উলিয়াই সুনীলে নিজৰ কন্যাক ডিঙিত ঘপিয়ায়।
দাৰ ঘাপত কনমানিজনীৰ শৰীৰ তলত পৰি যোৱাৰ বিপৰীতে মূৰটো বহা আসনতে পৰি ৰয়। এই ঘটনাত ৰেলখনত হুৱাদুৱা পৰিবেশ সৃষ্টি হয়। তেনে সময়তে ৰেলখন চিলনীবাৰী ষ্টেচনত প্ৰৱেশ কৰে।
লগে লগে ৰেলৰ পৰা নামি দৌৰি পলাই যায় ঘাতক সুনীল মুৰ্মু। পিছে তেওঁ সাৰিব নোৱাৰিলে।একাংশ লোকে তেওঁক খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে। নিজ কন্যাক হত্যা কৰি পলায়নৰ চেষ্টা কৰা পাষাণ পিতৃ সুনীলক কৰায়ত্ত কৰাৰ সময়ত তাৰ প্ৰতি আক্ৰমণত একাধিক লোক আহত হয়। পিছে খেদি খেদি ঘাতকটোক কৰায়ত্ত কৰিবলৈ স্থানীয় ব্যক্তি সক্ষম হয়।
উল্লেখযোগ্য প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি গহপুৰত ৰেলখনত উঠাৰে পৰা ব্যক্তিজনে অস্বাভাৱিক আচৰণ কৰিছিল। নাওবৈচাৰ চিলনীবাৰী ৰেল ষ্টেচন পোৱাৰ কিছুদূৰ আগতে নিজৰ লগত অনা দাৰে কন্যাক শিৰশ্ছেদ কৰে। পাচত ৰেলৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰিছিল কন্যাহন্তা সুনীলে।
শেষত স্থানীয় ব্যক্তিৰ সহযোগিতাত ব্যক্তিজনক আটক কৰি লখিমপুৰ আৰক্ষীক গতাই দিয়ে। বৰ্তমান অপৰাধীজনক লখিমপুৰ আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। কিয় নিজৰ কন্যাক এনেদৰে হত্যা কৰিলে এই পৰ্যন্ত তাৰ সদুত্তৰ ওলোৱা নাই। আৰক্ষীৰ তদন্তৰ শেষতহে এই ঘটনাৰ ৰহস্য উন্মোচিত হব। ঘটনাটোৱে আজি সৰ্বত্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।
বিশেষ বাৰ্তা, লখিমপুৰ, ৩ এপ্রিল