নামৰূপ-III ইউনিটে গঢ়িলে নতুন মাইলষ্টোন
BVFCL এ কোনো ধৰণৰ ৰাজসাহায্য অবিহনে ২০২৫-২৬ বৰ্ষত ₹৬৩৭.৬১ কোটি টকাৰ সৰ্বাধিক টাৰ্ণঅ’ভাৰ লাভ কৰি অভিলেখ স্থাপন কৰিছে
দেশৰ অন্যতম গুৰুত্বপূৰ্ণ সাৰ উৎপাদন প্ৰতিষ্ঠান BVFCL-এ পুনৰ এবাৰ নিজৰ অসাধাৰণ প্ৰদৰ্শনেৰে নতুন কৃতিত্ব গঢ়িবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানটোৱে উৎপাদন, বিক্ৰী আৰু ব্যৱসায়ৰ বিভিন্ন ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক সফলতা লাভ কৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিছে।
শেহতীয়াকৈ উৎপাদন ক্ষেত্ৰটো এক উল্লেখযোগ্য আৰু ঐতিহাসিক সফলতা অৰ্জন কৰিছে। প্ৰতিষ্ঠানটোৰ তৃতীয় উৎপাদন ইউনিট, নামৰূপ-III (Namrup-III), যিটো ১৯৮৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল, বৰ্তমান চল্লিশ বছৰ অতিক্ৰম কৰাত পিছতো এক নতুন উচ্চতাত উপনীত হৈছে।
২০২৫-২৬ আৰ্থিক বৰ্ষৰ প্ৰথম চাৰি মাহত নামৰূপ-III ইউনিটে নিজৰ ইতিহাসত সৰ্বাধিক ইউৰিয়া উৎপাদন কৰি ১ লাখ মেট্ৰিক টনৰো অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই সাফল্যই ইউনিটটোৰ উৎপাদন ক্ষমতা আৰু কাৰ্যদক্ষতাৰ এক শক্তিশালী প্ৰতিফলন হিচাপে বিবেচিত হৈছে।
ইয়াৰ উপৰি ২০২৫ বৰ্ষৰ ১ আগষ্টত BVFCL-এ সৰ্বাধিক দৈনিক ইউৰিয়া উৎপাদন ১০১৯ মেট্ৰিক টন লাভ কৰি এক নতুন ৰেকৰ্ড স্থাপন কৰিছিল। একে ধৰণে ২০২৫ বৰ্ষৰ জুলাই মাহত সৰ্বাধিক মাহিলি উৎপাদন ২৮,০৩৩ মেট্ৰিক টন লাভ কৰা হৈছে, যিয়ে প্ৰতিষ্ঠানটোৰ অবিৰত উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ প্ৰমাণ দিয়ে।
আনহাতে, চলিত বৰ্ষৰ ১৩ মাৰ্চত সৰ্বনিম্ন দৈনিক উৎপাদন শক্তি ৮.৮৪৩ Gcal/MT ইউৰিয়া লাভ কৰা হৈছে, যি শক্তি দক্ষতা আৰু ব্যয় নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সাফল্য বুলি গণ্য কৰা হৈছে।
এই সকলো সফলতাৰ আঁৰত আছে প্ৰতিষ্ঠানটোৰ সুদক্ষ পৰিচালক অৰ্থাৎ চি এম দি মোহন ৰাজ শ্বেট্টিৰ দক্ষ পৰিচালনাৰ লগতে আধুনিক প্ৰযুক্তিৰ সঠিক ব্যৱহাৰ আৰু কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু একাগ্ৰতা।
এই সাফল্যই BVFCL ৰ ভাৰতৰ সাৰ উদ্যোগ ক্ষেত্ৰত স্থান অধিক সুদৃঢ় কৰিছে আৰু আগন্তুক দিনত অধিক উন্নতি আৰু নতুন মাইলষ্টোন স্থাপন কৰাৰ পথ মুকলি কৰিছে। আনহাতে উদ্যোগটোৱে উৎপাদন, বিক্ৰী আৰু ব্যৱসায়ৰ বিভিন্ন ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক সফলতা লাভ কৰি এক নতুন দৃষ্টান্ত স্থাপন কৰিছে।
২০২৫-২৬ আৰ্থিক বৰ্ষত BVFCL এ নিজৰ উৎপাদিত সামগ্ৰীৰ সৰ্বাধিক বিক্ৰী কৰি ১৪০.৫৩ কোটি টকা লাভ কৰিছে। ইয়াৰ আগতে ২০২৩-২৪ বৰ্ষত এই পৰিমাণ আছিল ১০৪.২৮ কোটি আৰু ২০২৪-২৫ বৰ্ষত ১১০.৮১ কোটি লৈ বৃদ্ধি পাইছে। এই বৃদ্ধি প্ৰতিষ্ঠানটোৰ বিক্ৰী কৌশল আৰু বজাৰ বিস্তাৰৰ স্পষ্ট প্ৰতিফলন।
ইয়াৰ উপৰি BVFCL এ কোনো ধৰণৰ ৰাজসাহায্য অবিহনে ২০২৫-২৬ বৰ্ষত ৬৩৭.৬১ কোটি টকাৰ সৰ্বাধিক টাৰ্ণঅ’ভাৰ লাভ কৰি এক উল্লেখযোগ্য মাইলষ্টোন স্থাপন কৰিছে। পূৰ্ববৰ্ষসমূহত এই সংখ্যা আছিল ২০২৩-২৪ ত ২৬৪.৭৭ কোটি আৰু ২০২৪-২৫ত আছিল ৩৬২.৭০ কোটি।
আমদানিকৃত নিম আৱৰণযুক্ত ইউৰিয়া ব্যৱস্থাপনাতো BVFCL এ নতুন দিশ উন্মোচন কৰিছে। প্ৰতিষ্ঠানটোৱে এতিয়ালৈকে সৰ্বাধিক ৪.৯৩ লাখ মেট্ৰিক টন ইউৰিয়া Paradip Port আৰু PICT Port বন্দৰত সফলভাৱে বজাৰত বিক্ৰী কৰিছে।
ট্ৰেডিং ক্ষেত্ৰতো BVFCL এ এক উল্লেখযোগ্য সাফল্য লাভ কৰি ৪৯৭ কোটি টকাৰ সৰ্বাধিক ব্যৱসায়িক প্ৰদৰ্শন দেখুৱাইছে, যি প্ৰতিষ্ঠানটোৰ বাণিজ্যিক দক্ষতা আৰু বজাৰ নিয়ন্ত্ৰণ ক্ষমতাৰ প্ৰমাণ।
ইয়াৰ উপৰি BVFCL-এ নিজৰ পৰ্টফলিঅ’ত নতুন সামগ্ৰী সংযোজন কৰি সকলো পৰিচালনাধীন ভৌগোলিক অঞ্চলত বজাৰ বিস্তাৰ কৰিছে, যাৰ ফলত প্ৰতিষ্ঠানটোৰ উপস্থিতি অধিক শক্তিশালী হৈছে।
এই সকলো কৃতিত্ব BVFCL ৰ সুদক্ষ পৰিচালনা, দূৰদৰ্শী পৰিকল্পনা আৰু কৰ্মচাৰীসকলৰ একাগ্ৰতা আৰু নিষ্ঠাৰ ফল বুলি সচেতন মহলত চৰ্চিত হৈছে। বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে, এই ধাৰা অব্যাহত থাকিলে BVFCL এ আগন্তুক দিনত আৰু অধিক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।
নিয়মীয়া বাৰ্তা, নামৰূপ, ৩ এপ্ৰিল