নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-ৰ এখন মেচৰ খৰচ কিমান হয়, জানি হ’ব আপুনি আচৰিত

ইম্পেক্ট প্লেয়াৰসহ মুঠ ১২জন খেলুৱৈয়ে প্ৰতিখন খেলত ৭.৫ লাখ টকা পায়। অৰ্থাৎ এখন দলৰ খেলুৱৈসকলৰ দৰমহাত প্ৰতিখন খেলত প্ৰায় ৯০ লাখ টকা খৰচ হয়

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৯তম সংস্কৰণ চলি আছে। এই ছিজনত এতিয়ালৈকে ৬খন খেল অনুষ্ঠিত হৈছে। IPL-ৰ এখন খেল অনুষ্ঠিত কৰিবলৈ কিমান খৰচ হয় সেই বিষয়ে জানো আহক—ক’ত ক’ত টকা খৰচ হয় আৰু মুঠ খৰচ কিমান।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০০৮ চনৰ পৰা অনুষ্ঠিত হৈ আহিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ (BCCI)-এ প্ৰতিবছৰে এই লীগ আয়োজন কৰে, যি এতিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ টি-২০ লীগ। এই লীগৰ পৰা বোৰ্ডে বৃহৎ আয়ো কৰে। আয়ৰ মূল উৎস হৈছে স্পন্সৰশ্বিপ, মিডিয়া ৰাইটছ আৰু টিকট বিক্ৰী। আয় কোটি টকাত হয়, কিন্তু এখন IPL খেলত কিমান খৰচ হয়? আহক জানো।

এই ছিজনত ১০টা দলে অংশগ্ৰহণ কৰিছে আৰু লীগ পৰ্যায়ৰ খেলসমূহ ১৩টা ভেন্যুত অনুষ্ঠিত হ’ব। প্লেঅফৰ সূচী এতিয়াও প্ৰকাশ হোৱা নাই। প্ৰথমতে BCCI-এ ষ্টেডিয়াম নিৰ্বাচন কৰি বুকিং কৰে, যাৰ খৰচ ৫০ লাখৰ পৰা ১ কোটি টকাৰ ভিতৰত হয়। এই ধন ষ্টেডিয়াম ব্যৱস্থাপনাক দিয়া হয়। অৱশ্যে ভেন্যু অনুসৰি এই খৰচ সলনি হয়।

তাৰ পিছত আহে খেলুৱৈসকলৰ দৰমহা। ইম্পেক্ট প্লেয়াৰসহ মুঠ ১২জন খেলুৱৈয়ে প্ৰতিখন খেলত ৭.৫ লাখ টকা পায়। অৰ্থাৎ এখন দলৰ খেলুৱৈসকলৰ দৰমহাত প্ৰতিখন খেলত প্ৰায় ৯০ লাখ টকা খৰচ হয়। ইয়াৰ উপৰি মেচ ৰেফাৰী, আম্পায়াৰ আৰু ছাপোৰ্ট ষ্টাফৰ দৰমহা পৃথকে ধৰা হয়।

যাত্ৰা খৰচত প্ৰায় ৭ লাখ টকা ব্যয় হয়। মুঠ খৰচৰ কথা ক’লে, ব্রডকাষ্টিং ৰাইটছ বাদ দি এখন IPL খেলত প্ৰায় ১৫ কোটি টকা খৰচ হয়।

ডিজিটেল ডেস্ক, ৪ এপ্ৰিল

You might also like