ক’ৰোনাত আক্ৰান্ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক ICU ত ভৰ্তি
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ক’ৰোনা সংক্ৰমিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছত আজি তেওঁৰ হঠাৎ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত আই চি ইউ ত ভৰ্তি কৰোৱা হয় ।
অৱশ্যে তেওঁক ভেণ্টিলেটৰত ৰখা নাই বুলি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ।
উল্লেখ্য যে ২৭ মাৰ্চত ক’ভিড-১৯ ধৰা পৰিছিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ দেহত । তাৰ পাছতে আছুতীয়াকৈ আছিল প্ৰধানমন্ত্ৰীগৰাকী ।
British PM Boris Johnson had oxygen support, not on ventilator, says, minister: AFP (file pic) pic.twitter.com/N9y9opIhAN
— ANI (@ANI) April 7, 2020