অসমত NDA চৰকাৰ পুনৰবাৰ ক্ষমতালৈ আহি বিজয়ৰ হেটট্ৰিক সম্পূৰ্ণ কৰিব বুলি দৃঢ় দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। একে সময়তে তেওঁ কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ সমালোচনা চলাই কয় যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ “চেঞ্চুৰী” সম্পূৰ্ণ হ’ব।
বৰপেটা ৰোডত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীয়ে ইতিমধ্যে উন্নয়ন আৰু স্থিৰতাৰ বাবে NDA-ৰ ওপৰত আস্থা প্ৰকাশ কৰিছে আৰু এই আস্থা আগলৈও অব্যাহত থাকিব। তেওঁ দাবী কৰে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয়ত অসমত ব্যাপক উন্নয়ন সাধিত হৈছে, যাৰ ফলত NDA-ৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
ইফালে, প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছৰ ওপৰত ক্ষুৰধাৰ আক্ৰমণ চলাই অভিযোগ কৰে যে কংগ্ৰেছে সদায় ভাৰতীয় সেনাৰ শৌৰ্য-বীৰ্যক সন্দেহৰ চকুৰে চাই আহিছে। তেওঁ কয় যে অপাৰেচন সিন্দুৰৰ সময়তো কংগ্ৰেছে পাকিস্তানৰ ভাষা ব্যৱহাৰ কৰিছিল।
তেওঁ আৰু সতর্কবাণী দিয়ে যে কংগ্ৰেছৰ কিছুমান নেতাৰ তথাকথিত পাকিস্তান সংযোগে দেশৰ নিৰাপত্তাৰ বাবে গুৰুতৰ বিপদ সৃষ্টি কৰিব পাৰে। এই প্ৰেক্ষাপটত তেওঁ ৰাজ্যবাসীক সাৱধান হৈ থাকিবলৈ আহ্বান জনায় আৰু উন্নয়ন, সুৰক্ষা আৰু স্থিৰতাৰ স্বাৰ্থত NDA-ৰ প্ৰাৰ্থীসকলক ভোট দিবলৈ আহ্বান জনায়।
উল্লেখ্য যে আজি বৰপেটাৰোডত ভৱানীপুৰ-সৰভোগৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাস, বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাস, বিজনীৰ বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দে, বজালীৰ অগপ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় আদিৰ হৈ প্ৰধানমন্ত্ৰীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ।
ডিজিটেল ডেস্ক, ৬ এপ্ৰিল