আগন্তুক নিৰ্বাচনক লৈ দলগাঁৱত প্ৰচাৰ চলাই AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে কংগ্ৰেছ দলৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই কয় যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ “শেষ” নিশ্চিত।
প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি আজমলে কয় যে ফলাফল ঘোষণাৰ পিছত দলগাঁৱত AIUDF-এ এক বৃহৎ বিজয় উৎসৱ পালন কৰিব। তেওঁ আগতীয়াকৈয়ে দলগাঁৱৰ ৰাইজক এই বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
আজমলে দাবী কৰে যে ৰাইজে এইবাৰ AIUDFৰ ওপৰত পূৰ্ণ আস্থা ৰাখিছে আৰু ইয়াৰ ফল স্বৰূপে দলগাঁৱত বৃহৎ জয় লাভ হ’ব।
এই মন্তব্যৰ পিছত দলগাঁৱৰ ৰাজনীতিত নতুন আলোচনা আৰম্ভ হৈছে আৰু নিৰ্বাচনৰ পূৰ্বেই ৰাজনৈতিক পৰিস্থিতি অধিক গৰম হৈ উঠিছে।
ডিজিটেল ডেস্ক, ৬ এপ্ৰিল