নিয়মীয়া বাৰ্তা, মানকাচৰ, ৭ এপ্ৰিল : আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে বৃদ্ধি কৰা হৈছে। নিৰ্বাচন প্ৰক্ৰিয়া শান্তিপূৰ্ণ, নিকা আৰু নিকাভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলাখনৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ লগতে অসম-মেঘালয় সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী আৰু বি এছ এফ বাহিনীয়ে এক বিশাল যুটীয়া ‘ফ্লেগমাৰ্চ’ উলিয়ায়।
জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত এই ফ্লেগ মাৰ্চ পৰিচালিত হয়। তেওঁৰ সৈতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আৰু বি এছ এফৰ জোৱানসকলে সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰি আইন-শৃংখলা পৰিস্থিতিৰ বুজ লয়। বিশেষকৈ সীমান্তৱৰ্তী গাঁওসমূহ আৰু যাতায়াতৰ স্পৰ্শকাতৰ পথবোৰত নিৰাপত্তাৰ দিশটো পৰীক্ষা কৰা হয়।
নিৰ্বাচনৰ পূৰ্বে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। সাধাৰণ ৰাইজ তথা ভোটাৰসকলে যাতে কোনো ভয়-সংকোচ নোহোৱাকৈ গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিব পাৰে, তাৰ বাবে এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰা, অসম-মেঘালয় সীমান্তৰে যাতে কোনোধৰণৰ সন্দেহজনক ব্যক্তি, অবৈধ সামগ্ৰী বা নিচাজাতীয় দ্ৰব্যৰ অনুপ্ৰৱেশ ঘটিব নোৱাৰে, তাৰ বাবে ২৪ ঘণ্টাই সতৰ্ক দৃষ্টি ৰখা, নিৰ্বাচনৰ পূৰ্বে কোনোধৰণৰ অসামাজিক বা উচতনিমূলক কাৰ্যৰ জৰিয়তে শান্তি বিঘ্নিত কৰিব খোজা শক্তিক কঠোৰ হাতেৰে দমন কৰাৰ বাবে আৰক্ষী বাহিনী যে সম্পূৰ্ণ সাজু, সেই বাৰ্তা প্ৰেৰণ কৰা।
নিৰ্বাচন প্ৰক্ৰিয়া শেষ নোহোৱালৈকে জিলাখনৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ তালাচী আৰু নিৰাপত্তা অভিযান অব্যাহত থাকিব। সকলো ধৰণৰ প্ৰত্যাহ্বানৰে মোকাবিলা কৰিবলৈ সাজু আছে বুলি আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই সদৰী কৰে।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত এই ফ্লেগমাৰ্চৰ পাছত জিলাখনৰ সীমান্তৱৰ্তী ৰাইজৰ মাজত এক স্বস্তিৰ পৰিৱেশ বিৰাজ কৰিছে। নিৰ্বাচনৰ পূৰ্বে আৰক্ষী আৰু বি এছ এফৰ এই সক্ৰিয়তাই এক সুস্থ আৰু সবল নিৰ্বাচনী পৰিৱেশৰ ইংগিত দিছে।