নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত আজি অন্তিম নিৰ্বাচনী প্রচাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

ডিজিটেল ডেস্ক, ৭ এপ্রিল : অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ নির্বাচনী প্রচাৰ অভিযানৰ আজি অন্তিম দিন৷ আজি বিয়লি পাঁচ বজাৰ লগে লগে নির্বাচনত অংশগ্রহণ কৰা সকলো ৰাজনৈতিক দলৰ প্রার্থীৰ লগতে নির্দলীয় প্রার্থীসকলেও নিজৰ নিজৰ প্রচাৰ অভিযান সামৰিব লাগিব৷

ইতিমধ্যে অহা ৯ এপ্রিলত অনুষ্ঠিত হ’ব লগা ভোটগ্রহণৰ বাবে মাজত মাত্র দুটা দিন বাকী থকা অৱস্থাত শাসক–বিৰোধী সকলো প্রার্থীয়ে নিজৰ নিজৰ প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ প্রার্থীসকলে গাড়ী–মটৰ লৈ ৰং-বিৰঙী শোভাযাত্রাৰে প্রচাৰ অভিযান চলোৱাৰ লগতে ঘৰে ঘৰে গৈ আগন্তুক পাঁচ বছৰৰ বাবে তেওঁলোকক ভোটদান কৰি জয়যুক্ত কৰিবলৈ ভোটাৰসকলৰ কাষ চাপিছে৷

প্রার্থীসকলৰ লগতে সংশ্লিষ্ট ৰাজনৈতিক দলসমূহেও বিশাল বিশাল ৰাজহুৱা নির্বাচনী সভাৰ আয়োজন কৰি প্রচাৰ অভিযান তীব্রতৰ কৰিছে৷ শাসক–বিৰোধীৰ ৰথী–মহাৰথীৰ ভিৰত গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি৷

আজি প্রচাৰ অভিযানৰ অন্তিম দিনা শাসকীয় বিজেপি দলৰ হৈ প্রচাৰ অভিযানত অংশগ্রহণ কৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ বৰাক উপত্যকাৰ পাথাৰকান্দি আৰু হাইলাকান্দি সমষ্টিৰ দুই বিজেপি প্রার্থীৰ সমর্থনত নির্বাচনী প্রচাৰ চলাব কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে৷ এই দুই সমষ্টিত বিজেপিৰ প্রার্থী আছে ক্রমে কৃষ্ণেন্দু পাল আৰু ড০ মিলন দাস৷ আজি প্ৰথমে গৃহমন্ত্ৰীগৰাকীয়ে পাথাৰকান্দিৰ লালমাটি কলা ফিল্ডত নির্বাচনী সভাত ভাষণ দিব৷ তাৰ পাছত তেওঁ হাইলাকান্দিলৈ যাব আৰু তাতে ভিএছএ খেলপথাৰত ড০ মিলন দাসৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ তাৰ পাছত বিয়লিৰ ভাগলৈ শিলচৰৰ পুলিচ পেৰেড গ্রাউণ্ডত শিলচৰ সমষ্টিৰ প্রার্থী ডাঃ ৰাজদীপ ৰায় আৰু উদৰবন্দ সমষ্টিৰ প্রার্থী ৰাজদীপ গোৱালাৰ হৈ প্রচাৰ চলাব৷

You might also like