নিৰ্বাচনত এশ শতাংশ ভোটদানৰ আহ্বান সীমান্ত চেতনা মঞ্চৰ
দেশ বিভাজনৰ পিচত সমগ্র সীমান্তৱর্তী অঞ্চল তথা গোটেই অসমতে তীব্রগতিত হোৱা ভয়াৱহ জনগাঁথনিৰ পৰিবর্তনৰ বাবে খিলঞ্জীয়া জনসাধাৰণ চিন্তিত আৰু শঙ্কিত হৈ পৰিছে
আন্তঃৰাষ্ট্রীয় সীমান্তৱর্তী অঞ্চলৰ সর্বাংগীণ উন্নতিৰ হকে কাম কৰি অহা অ-ৰাজনৈতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ অসম ৰাজ্যিক সমিতিয়ে অসম বিধানসভাৰ নিৰ্বাচনত ৰাইজক এশ শতাংশ ভোটদানৰ আহ্বান জনাইছে।
এক বিবৃতিত মঞ্চৰ সভাপতি, সম্পাদকে কয় যে দেশ বিভাজনৰ পিচত সমগ্র সীমান্তৱর্তী অঞ্চল তথা গোটেই অসমতে তীব্রগতিত হোৱা ভয়াৱহ জনগাঁথনিৰ পৰিবর্তনৰ বাবে খিলঞ্জীয়া জনসাধাৰণ চিন্তিত আৰু শঙ্কিত হৈ পৰিছে।
সেয়েহে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসম ৰাজ্যিক সমিতিয়ে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আগন্তুক বিধানসভা নির্বাচনৰ সময়ত এশ শতাংশ (১০০%) ভোটদানেৰে গণতন্ত্ৰৰ ভেঁটি মজবুত কৰিবলৈ ৰাইজক আহ্বান জনাইছে।
বিবৃতিটোত অসমৰ খিলঞ্জীয়া লোকৰ ভূমি তথা চৰকাৰী ভূমি বেদখলমুক্ত হোৱা, অসমৰ বণ্যপ্রাণী আৰু প্রকৃতিক সুৰক্ষা দিয়াৰ বাবে কাম কৰা, অসমৰ যুৱ শক্তিৰ বিকাশৰ বাবে বিভিন্ন আঁচনি, স্বাৱলম্বন তথা স্বদেশী সামগ্রীৰ ব্যবহাৰ, জৈৱিক কৃষিৰ প্ৰসাৰ আদি বিষয়সমূহৰ প্রতি ৰাইজক সজাগ হবলৈও আহ্বান জনোৱা হৈছে।
দেশখন তথা ভৱিষ্যত প্ৰজন্মক শংকা-মুক্ত কৰাৰ বাবে এক সু-চিন্তিত পদক্ষেপ গ্রহণ কৰি খিলঞ্জীয়াৰ হৈ কাম কৰা, অসমৰ ভাষা-সাহিত্য আৰু সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰা এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈও মঞ্চই ভোটাৰ ৰাইজক আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ৭ এপ্ৰিল