পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছত খহনীয়া, বিপিএফত যোগদান
পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়াই সমষ্টিটোত কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত
অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ মাত্ৰ মাজত এটা দিন বাকী থকা অৱস্থাত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিত কংগ্ৰেছ দলৰ খহনীয়াই সমষ্টিটোত কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত৷
আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত পাঁচ নম্বৰ পৰ্বতঝোৰা সমষ্টিৰ গুমা ব্লক কংগ্ৰেছৰ যুৱ কমিটীৰ সভাপতি আব্দুৰ ৰশিদ সৰকাৰ লগতে ২০গৰাকী সদস্যই কংগ্ৰেছ ত্যাগ কৰি বি পি এফ দলত যোগদান কৰে ৷
আনহাতে ২ নং দোতমা সমষ্টিৰ দোতমা ব্লক কংগ্ৰেছৰ যুৱ কমিটীৰ সভাপতি ছানিদুল ইছলাম, সম্পাদক মনোৱাৰ হোসেনসহ ১৫গৰাকী সদস্যই কংগ্ৰেছ ত্যাগ কৰি বি পি এফ দলত যোগদান কৰে৷
সমষ্টিটোৰ মান্দাৰপাৰাত বি পি এফ দলৰ যোগদান সভাত বি পি এফ দলৰ কচুগাঁও ব্লক সমিতিৰ যুৱ শাখাৰ সাধাৰণ সম্পাদক আমানুৰ আলী ,বি পি এফ দলৰ ভাওৰাগুৰী প্ৰাইমাৰী সমিতিৰ সভাপতি ছাইদুৰ ইছলামৰ উপস্থিতিত বি পি এফ দলৰ যোগদান সভা অনুষ্ঠিত হয়৷
উক্ত যোগদান সভাতে যুৱ কংগ্ৰেছী সকলে দল ত্যাগ কৰি স্বতঃস্ফূৰ্তভাৱে বি পি এফ দলত যোগদান কৰে ৷ নতুনকৈ বি পি এফ দলত যোগদান দিয়া যুৱক সকলক ফুলাম গামোছা আৰু দলীয় প্ৰতীক চিহ্নৰে আদৰি লয় ৷
নিয়মীয়া বাৰ্তা, শ্ৰীৰামপুৰ, ৭ এপ্ৰিল