নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিহুত ধুমুহাৰ তাণ্ডৱ : হাৰিভাংগাত বিস্তৰ ক্ষতি

আজি বিয়লি হঠাতে অহা প্ৰচণ্ড বৰষুণ-শিলাবৃষ্টিৰ লগতে প্ৰচণ্ড ধুমুহাৰ ফলত টিহুৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হয়। বিশেষকৈ টিহুৰ দক্ষিণ প্ৰান্তৰ হাৰিভাংগা, মাখিবাহা, নান্নাট্টাৰী আদি অঞ্চলত ক্ষয় ক্ষতিৰ পৰিমান সৰ্বাধিক হোৱাৰ তথ্য পোৱা গৈছে।

হাৰিভাংগাৰ প্ৰাণকেন্দ্ৰ হাৰিভাংগা চকৰ দৈনিক বজাৰৰ কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৃহৰ মুধচ উৰুৱাই নিয়াত কেবাখনো ব্যৱসায়িক প্ৰতিস্ঠানৰ বয় বস্তুৰ ক্ষতিসাধন হোৱাত ব্যৱসায়িক সকলে মুৰে কপালে হাত দিবলগা পৰিস্হিতিৰ সৃষ্টি হৈছে।

হাৰিভাংগাৰ চ’কৰ বহু বছৰ পুৰণি গছ গছনিৰ এই ধুমুহাৰ ফলত ক্ষতি হোৱাৰ উপৰিও টিহু হাৰিভাংগা পথত কেবাডাল প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি পৰে। কেৱল গছেই নহয় হাৰিভাংগা চ’কৰ সমীপত এটি বিদ্যুত পৰিবাহী ট্ৰান্সফৰ্মাৰৰ লগতে বিদ্যুতৰ খুটা উভালি বিদ্যুত সৰবাহী তাৰ সমুহ চিন্ন বিচিন্ন হৈ পৰে।

ইয়াৰ উপৰিও বৃহত্তৰ হাৰিভাংগাৰ কেবাঘৰ লোকৰ মুধচ এই ধুমুহাই উৰুৱাই নিয়াত লোক সকলৰ গৃহৰ আচবাব নষ্ট হোৱাৰ লগতে বহু লোকৰ নিশা থাকিবলৈ ঠাই নোহোৱা হয়। ইয়াৰ উপৰিও টিহু-মাখিবাহা পথটোৰ দুঠাইত প্ৰকাণ্ড গছ উভালি পৰাত নিশালৈ পথটোত যাতায়ত বন্ধ হৈ থাকে।

উল্লেখ্য যে মাখিবাহা আৰু ইয়াৰ সমীপৱৰ্তী গ্ৰাম্যাঞ্চলৰো ভালেসংখ্যক লোকৰ ঘৰ দুৱাৰৰ  বিস্তৰ ক্ষতিসাধন হয় ।

নিয়মীয়া বাৰ্তা, টিহু, ৭ এপ্ৰিল

You might also like