নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PSL-ৰ মাজতে গ্রেপ্তাৰ ডেভিদ ৱার্নাৰ

সুৰাপান কৰি গাড়ী চলোৱাৰ অপৰাধত গ্রেপ্তাৰ হ’ল অষ্ট্রেলিয়াৰ প্রাক্তন বিস্ফোৰক ক্রিকেটাৰ ডেভিদ ৱার্নাৰ৷ শেহতীয়াকৈ ছিডনীত সংঘটিত হৈছে এই ঘটনা৷ নিউ ছাউথ ৱেলছ আৰক্ষীয়ে এই কথা নিশ্চিত কৰিছে৷

ৱার্নাৰৰ গ্রেপ্তাৰৰ ফলত হয়তো আটাহতকৈ বেছি প্রভাৱিত হ’ব পাকিস্তান ছুপাৰ লীগৰ দল কৰাচী কিংছ৷ বর্তমান চলি আছে পিএছএল৷ আচলতে কৰাচীত খেল দুখনৰ মাজত প্রায় ৫ দিনৰ বিৰতি থাকে৷

গতিকে, ৱার্নাৰে ‘ছুটী’ কটাবলৈ অষ্ট্রেলিয়ালৈ আহিছিল আৰু তাতেই এই ঘটনাটো সংঘটিত হ’ল৷ দেওবাৰে নিশা আৰক্ষীয়ে তেওঁৰ গাডীখন ৰখাই তেওঁৰ উশাহ–নিশাহৰ পৰীক্ষা কৰে৷ ইয়াৰ পিছত তেওঁক ছাৰে হিলছ আৰক্ষী থানালৈ লৈ যোৱা হয়৷ তাত তেওঁৰ উশাহ–নিশাহৰ পুনৰ পৰীক্ষা কৰা হয়৷

আৰক্ষীৰ পৰীক্ষাত ৱার্নাৰে সুৰাপান কৰি গাড়ী চলোৱা বুলি নিশ্চিত হয়৷ এই অপৰাধত ৱার্নাৰৰ অনুজ্ঞা–পত্র বাতিল হ’ব পাৰে৷ আৰক্ষীয়ে তদন্ত অব্যাহত থকা বুলি অৱগত কৰিছে৷ এতিয়াৰ বাবে জামিনত মুকলি কৰি দিয়া হৈছে৷

অৱশ্যে আদালতত হাজিৰ হ’ব লাগিব৷ অৱশ্যে ৯ এপ্রিলত কৰাচী কিংছৰ হৈ পৰৱর্তী মেচত ৱার্নাৰৰ অংশগ্রহণক লৈ কোনো সমস্যাৰ সৃষ্টি নহ’ব৷

অষ্ট্রেলিয়াৰ আইন অনুসৰি, সাধাৰণতে ‘মধ্যম ৰেঞ্জ’ লোকক আন দেশলৈ যোৱাত বাধা দিয়া নহয়৷ জামিনৰ বাবে কোনো বিশেষ চর্ত দিয়া হোৱা নাহ৷ গতিকে, পাকিস্তানলৈ গৈ আন এখন মেচ খেলিবলৈ অসুবিধা নহ’ব৷ ৯ মে’ত আদালতত হাজিৰ হ’ব লাগিব ৱার্নাৰে৷

ডিজিটেল ডেস্ক, ৮ এপ্রিল

You might also like