হোজাইত ৭,৬২,৪২২ ভোটাৰে নিৰ্ণয় কৰিব ১৮ প্ৰাৰ্থীৰ ভাগ্য
হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বিন্নাকান্দি সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৬৮,৪৪৩ গৰাকী, হোজাই সমষ্টিত ২,৫০,৪১০ গৰাকী আৰু লামডিংত ২,৪৩,৫৬৯ গৰাকী ভোটাৰে ১৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।
হোজাই সমষ্টিত মুঠ প্ৰাৰ্থী দুগৰাকী। শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী শিলাদিত্য দেৱ, কংগ্ৰেছৰ ঝিলি চৌধুৰীৰ মাজত হ’ব যুঁজ। লামডিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰ, নিৰ্দলীয় যশোদা দুলাল ৰক্ষিত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন ক’ৰৰ মাজত হ’ব নিৰ্বাচনী যুঁজ।
ইফালে, সংখ্যালঘু অধ্যুষিত বিন্নাকান্দি সমষ্টিত এইবাৰ এআইইউডিএফৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমল, অজাপ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰী আৰু অগপ প্ৰাৰ্থী ছাহাব উদ্দিন মজুমদাৰ সহ মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টিত ৯ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী থিয় হৈছে যদিও আজমল আৰু ৰেজাউলৰ বাহিৰে বাকী সকলৰ নাম চৰ্চাত নাই যদিও প্ৰথম অৱস্থাত অগপ প্ৰাৰ্থীৰ চৰ্চাত আছিল যদিও বিগত তিনিদিন ধৰি সমৰ্থকৰ উপস্থিতি কমি গৈছে।
এইবাৰ বিন্নাকান্দিত মূল নিৰ্বাচনী যুঁজখন বদৰুদ্দিন আজমল আৰু ৰেজাউল কৰিমৰ মাজত হ’ব বুলি ভোটাৰ ৰাইজে ধাৰণা কৰিছে।
এতিয়া ৯ এপ্ৰিলত ৰাইজে কাৰ পক্ষত ভোটদান কৰে সেয়া সময়তহে লক্ষণীয় হ’ব।
নিয়মীয়া বাৰ্তা, হোজাই, ৮ এপ্ৰিল