নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ৫ সমষ্টিত মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৫গৰাকী

কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। এইবাৰ লখিমপুৰৰ ৫ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বী মুঠ প্ৰাৰ্থীৰ সংখ্যা ২৫গৰাকী।  আনহাতে মুঠ ভোটাৰৰ সংখ্যা ৮,৪৩,০০৪ জন। ইয়াৰে পুৰুষৰ ভোটাৰ সংখ্যা ৪,২২,২৯৯গৰাকী। মহিলাৰ সংখ্যা ৪,২০,৬৮৬ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ হল ৯ জন।

এইবাৰ ৫টা সমষ্টিত আছে মুঠ ১০৭৯টা ভোট গ্ৰহণ কেন্দ্ৰ। ইয়াৰে ৪টা মডেল ভোট গ্ৰহণ কেন্দ্ৰ। ৩৬ জ’ন ১২৩টা চিভিল চেক্টৰ আৰূ ৯৩ গৰাকী বি এল অ চুপাৰভাইঝাৰ নিয়োজিত কৰা হৈছে। মুঠ ১১২টা ভোটকেন্দ্ৰ  স্পৰ্শকাতৰ।

লখিমপুৰত আছে শাসক বিৰোধীৰ বহুকেইগৰাকী হেভীৱেইট নেতা।

বিশেষ বাৰ্তা, লখিমপুৰ, ৮ এপ্রিল

You might also like