বিশ্বনাথৰ ৩ বিধানসভা সমষ্টিত ১৩গৰাকী প্ৰাৰ্থী
বিশ্বনাথ নিৰ্বাচনী জিলাৰ অধীনৰ ৬৫৪ টা ভোটকেন্দ্ৰত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোট গ্ৰহণ কৰা হ’ব। এইবাৰ নিৰ্বাচনী জিলাখনৰ অধীনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৭০নং বিশ্বনাথ, ৭১ নং বিহালী (অনুসূচীত জাতি) আৰু ৭২ নং গহপুৰ বিধানসভা সমষ্টিৰ মুঠ ৫১৮৬৪৪ গৰাকী ভোটদাতাই বিশ্বনাথ নিৰ্বাচনী জিলাৰ তিনিওটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা ১৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰুপণত নিৰ্ণায়ক ভূমিকা পালন কৰিব।
প্ৰাপ্ত তথ্য অনুযায়ী ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত ১৮৯৩৬১ গৰাকী, ৭১নং বিহালী (অনুসূচীত জাতি) বিধানসভা সমষ্টিত ১৫৫৮৪৬গৰাকী আৰু ৭২নং গহপুৰ বিধানসভা সমষ্টিত ১৭৩৪৩৭গৰাকী ভোটাৰ আছে।তথ্য অনুসৰি বিশ্বনাথ বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ৯৩৯১১গৰাকী, মহিলা ভোটাৰ ৯৫৪৫০গৰাকী।
একেদৰে বিহালী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ ৭৭২৯৫গৰাকী, মহিলা ভোটাৰ ৭৮৫৫০গৰাকী। সেইদৰে গহপুৰ বিধানসভা সমষ্টিত ৮৭৩৮৯গৰাকী পুৰুষ ভোটাৰ আৰু ৮৬০৪৮গৰাকী মহিলা ভোটাৰ।
আনহাতে ৭০ নং বিশ্বনাথ বিধানসভা সমষ্টিত ৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ আৰু বিশেষভাৱে সক্ষম ভোটাৰ মুঠ ১০৭ গৰাকী (৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ৮২ গৰাকী, বিশেষভাৱে সক্ষম ২৫ গৰাকী), ৭১ নং বিহালী(অনুসূচীত জাতি) বিধানসভা সমষ্টিত মুঠ ১০৬ গৰাকী (৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ৭৩ আৰু বিশেষভাৱে সক্ষম ৩৩ গৰাকী) আৰু ৭২ নং গহপুৰ বিধানসভা সমষ্টিত মুঠ ২৫৬ গৰাকী (৮৫ বছৰ বয়সৰ উৰ্দ্ধৰ ২০৫ আৰু বিশেষভাৱে সক্ষম ৫১ গৰাকী) ভোটাৰ। সেইদৰে চাৰ্ভিছ ভোটাৰ হৈছে জিলাখনত মুঠ ৭৮৭ গৰাকী। ইয়াৰে বিশ্বনাথ সমষ্টিত ২১৯ গৰাকী, বিহালীত ১৭৫ গৰাকী আৰু গহপুৰ বিধানসভা সমষ্টিত ৩৯৩ গৰাকী।
উল্লেখযোগ্য যে, নিৰ্বাচনী জিলাখনৰ মুঠ ৬৫৪টা ভোটকেন্দ্ৰৰ ২৩৮টা বিশ্বনাথ সমষ্টিৰ, ১৯৮টা বিহালী সমষ্টিৰ আৰু ২১৮টা গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। ইয়াৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ ৬০ টা, বিহালী বিধানসভা সমষ্টিৰ ৫৩টা আৰু গহপুৰ বিধানসভা সমষ্টিৰ ৫৯টা ভোট গ্ৰহণ কেন্দ্ৰ গুৰুত্বপূৰ্ণ (Critical) বুলি নিৰ্বাচন কৰা হৈছে।
উল্লেখযোগ্য যে, নিৰ্বাচন সুকলমে সম্পন্ন কৰিবলৈ বিশ্বনাথ বিধানসভা সমষ্টিত ৬ গৰাকী মাণ্ডলিক বিষয়া (Zonal Officer) আৰু ২৫ গৰাকী খণ্ড বিষয়া (Sector Officer)ক নিয়োগ কৰা হৈছে। একেদৰে বিহালী বিধানসভা সমষ্টিত ৫ গৰাকী মাণ্ডলিক বিষয়া আৰু ২১ গৰাকী খণ্ড বিষয়া নিয়োগ কৰা হৈছে। সেইদৰে গহপুৰ বিধানসভা সমষ্টিত ৬ গৰাকী মাণ্ডলিক বিষয়া আৰু ২২ গৰাকী খণ্ড বিষয়া নিয়োগ কৰা হৈছে।
এইবেলি নিৰ্বাচনত বিশ্বনাথ নিৰ্বাচন জিলাত মুঠ ২৮৭২গৰাকী (পুৰুষ আৰু মহিলাসহ) প্ৰিজাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুলিং বিষয়া নিয়োগ কৰা হৈছে।
ইয়াৰ ভিতৰত মুঠ ১২৪ গৰাকী মহিলা বিষয়া কৰ্মচাৰীও আছে। এই মহিলা বিষয়া কৰ্মচাৰী সকলে মুঠ ১১৩টা ভোট কেন্দ্ৰ পৰিচালিত কৰিব। ইয়াৰে ৫১ টা বিশ্বনাথ বিধানসভা সমষ্টিৰ, ২২ টা বিহালী বিধানসভা সমষ্টিৰ আৰু ৪০টা গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত। সেইদৰে নিৰ্বাচনী জিলাখনত ৩টা আদৰ্শ ভোট কেন্দ্ৰও স্হাপন কৰাৰ বাবে বিশ্বনাথৰ জিলা নিৰ্বাচনী বিষয়াই ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এইবেলি নিৰ্বাচনত আদৰ্শ ভোট কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা ভোট গ্ৰহণ কেন্দ্ৰ তিনিটা হৈছে বিশ্বনাথ সমষ্টিৰ ১৭৪ নং চাৰিআলি আদৰ্শ প্ৰাথমিক বিদ্যালয়, বিহালী সমষ্টিৰ ৩৯ নং বালিপুখুৰী এম ভি স্কুল আৰু গহপুৰ বিধানসভা সমষ্টিত ৬০ ছয়দুৱাৰ মহাবিদ্যালয় (পূৱ) ভোট গ্ৰহণ কেন্দ্ৰ।
বিশেষ বাৰ্তা, বিশ্বনাথ, ৭ এপ্ৰিল