নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন নামানিলে আক্ৰান্তৰ পৰা ৪০০ লৈ বিয়পিব ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ দেশত ২১ দিনীয়া লকডাউনৰ ১৪ দিন উকলি যোৱাৰ সময়তো ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পোৱা নাই । মঙলবাৰে শেহতীয়া তথ্য মতে ভাৰতত পাঁচ হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃতকৰ সংখ্যা ডেৰ শতাধিকলৈ বৃদ্ধি পালে । মঙলবাৰে দিনটোত নতুনকৈ ২০ জন লোকে প্ৰাণ হেৰুৱাইছে । মহাৰাষ্ট্ৰত ক’ৰোনা ভাইৰাছে সৰ্বাধিক সংহাৰী ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত ৬০ জন লোকৰ মৃত্যু হৈছে । মঙলবাৰেও ৰাজ্যখনত ৮ জন লোকে প্ৰাণ হেৰুৱায় । আনহাতে, ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা প্ৰায় এহেজাৰলৈ বৃদ্ধি পাইছে । মধ্যপ্ৰদেশত ৬ জন, জম্মু-কাশ্মীৰ , ওড়িশা আৰু তামিলনাডু, পঞ্জাৱত এজনকৈ লোকৰ মৃত্যু হয় । ৰাজ্যখনত দেশৰ ভিতৰতে সৰ্বাধিক ১০১৮ জন লোকৰ শৰীৰলৈ ক’ভিড-১৯ সংক্ৰমণ ঘটিছে । মহাৰাষ্ট্ৰৰ পাচতে দ্বিতীয় সৰ্বাধিক ভুক্তভোগী ৰাজ্যখন হ’ল তামিলনাডু । ৰাজ্যখনত এতিয়ালৈকে ৬৯০ জন লোকৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে । দিল্লীত তৃতীয় সৰ্বাধিক ৫৭৬ জন লোক আক্ৰন্ত হৈছে ।

শেহতীয়া তথ্য মতে, মঙলবাৰে সমগ্ৰ ভাৰতত ৫৫৯ জন নতুন ৰোগী চিনাক্ত হৈছে । আনহাতে, ৪৪৫ জন লোক আৰোগ্য হোৱাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে দেশজুৰি চলি থকা ২১ দিনীয়া লকডাউনৰ ফলত ভাৰতত সংক্ৰমণ কিছু হ্ৰাস পাইছে । যিসকল লোকে লকডাউন অথবা সামাজিক দূৰত্ব মানি চলা নাই , তেনে লোকৰ পৰা ৩০ দিনত ৪০৬ জন লোক সংক্ৰমিত হ’ব পাৰে । কিন্তু লকডাউন ৭৫ শতাংশও যদি মানি চলা হয় , তেন্তে এজন আক্ৰান্ত ব্যক্তিৰ পৰা গড়ে ২.৫ জনলৈ এই ভাইৰাছ সংক্ৰমিত হয় । এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লভ আগৰৱালে । এই পৰিসংখ্যাৰ পৰা লকডাউনে দেশত ক’ৰোনা সংক্ৰমণ ৰোধত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি অনুমান কৰা হৈছে ।

যিসময়ত ক’ৰোনা ভাইৰাছে সমগ্ৰ দেশতে সংহাৰ চলাই আছে , তেনে সময়তে নয়দাত ক’ভিড-১৯ ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকাত ২০০ লোকক কোৱাৰেণ্টাইন কৰা হৈছে । ইফালে, মঙলবাৰে নিশা পোৱা তথ্য মতে, নয়দাৰ ৮ নং ছেক্টৰ এটা বস্তিঅঞ্চলত ক’ৰোনাত সংক্ৰমিত হোৱাৰ সন্দেহ কৰি এই লোকসকলক কোৱাৰেণ্টাইন কৰা হয় । নয়দা স্বাস্থ্য বিভাগৰ দল আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ লোকসকলক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে । এই লোকসকল দিল্লীৰ তবলিগী জামাতৰ ধৰ্মানুষ্ঠানৰ সৈতে জড়িত জামাতীৰ লগত সম্পৰ্কিত বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ।

You might also like