নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগত বছৰসমূহৰ দৰে অনুষ্ঠিত হয় ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান। মহাবিদ্যালয়খনৰ ছাত্র একতা সভা, শিক্ষক পৰিষদ আৰু কৰ্তৃপক্ষৰ উদ্যোগত আয়োজন কৰা হয় এই বৰ্ণাঢ্য কাৰ্যসূচী।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি একোগৰাকীকৈ লোক শিল্পীক সম্বৰ্ধনা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি অহা হৈছে বিগত সময়খিনিত। এইবেলি এই সন্মান প্ৰদান কৰা হয় বিশিষ্ট লোকশিল্পি তথা ঢোলৰ ওজা ৭৫ বছৰীয়া বোকাখাটৰ ধনেশ্বৰ শইকীয়াক আৰু লগতে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় নগাঁৱৰ ‘ক্ৰান্তিকাল’ প্ৰকাশন আৰু ‘অজন্তা’ প্ৰেছৰ স্বতাধিকাৰী অসংখ্য গ্ৰন্থৰ প্ৰকাশক কৈলাশ কুমাৰ ৰাজখোৱাক।
লোকশিল্পী ধনেশ্বৰ শইকীয়াই পুৰণি অসমীয়া বিহু সংৰক্ষণ আৰু প্ৰচাৰত লাগি থকাৰ লগতে অসমীয়া নিভাঁজ লোকবাদ্য টোকাৰী, খনজৰি,ঢোল, পেপা আদি লোকবাদ্যৰ এগৰাকী নিপুণ শিল্পী তথা গৱেষক। ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে তথাকথিত প্ৰতিষ্ঠিত শিল্পীৰ ঠাইত অসমৰ গাঁৱে ভূঞে নিষ্ঠাৰে নিৰৱে কম কৰা লোকশিল্পীসকলক সদায়ে সন্মান জনাই আহিছে।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সদানন্দ পায়েং আৰু ড° মিলন নেওগৰ পৰিকল্পনাৰে আয়োজিত এই অনুষ্ঠানত অৱসৰী শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্র-ছাত্ৰীৰ লগতে বহু গণ্যমান্য বিশিষ্ট ব্যক্তিৰ লগতে মহাবিদ্যালয় খনৰ পৰিছালনা সমিতিৰ সভাপতি ড° বলিন ভূঞা উপস্থিত থাকে।
মহাবিদ্যালয়খনৰ ছাত্র ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলৰ দ্বাৰা পৰিবেশিত বিহু নাম, বিহু নৃত্য, জেং বিহু আৰু হুঁচৰিয়ে জিপাল কৰি তোলে সমগ্ৰ পৰিবেশটো। ইয়াৰ উপৰি ছাত্র-ছাত্ৰী আৰু প্ৰাক্তন ছাত্র-ছাত্ৰীসকলৰ প্ৰায় পঞ্চাশ খনৰো অধিক বিহু বিপনীৰ আয়োজন কৰা হয়।
বিপনীসমূহত অসমৰ জনগোষ্ঠীসমূহৰ খাদ্য সম্ভাৰ,বস্ত্ৰ,অলংকাৰ, ছাত্র-ছাত্ৰীসকলে নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন অলংকাৰ, সজুৱা সামগ্ৰী বিপনন কৰে। অনুষ্ঠানৰ আগৰ তিনিদিনত অনুস্থিত হয় বিহুনাচৰ কৰ্মশালা । প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে পদুম কুমাৰ শইকীয়া।
বিশেষ বাৰ্তা, নগাঁও, ১১ এপ্ৰিল