নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ ছেইণ্ট থমাছ স্কুলত প্ৰাক ৰঙালীৰ উছাহ, ঢোলৰ ছেওত কঁকাল ভাঙি নাচিলে শিক্ষাৰ্থীয়ে

নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ১২ এপ্ৰিল : ঢকুৱাখনাৰ এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰসংশনীয় পদক্ষেপ। অসমীয়া পৰম্পৰা, লোকাচাৰ নিভাঁজ ৰূপত ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে ঢকুৱাখনাৰ ছেইণ্ট থমাছ স্কুলত বিগত বছৰবোৰৰ দৰে এইবাৰো সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয় “ৰঙালী বিহু আদৰণি” অনুষ্ঠান।

ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয় চেতনা আৰু সংস্কৃতিৰ প্ৰতি দায়বদ্ধতা গঢ়ি তুলিবলৈ এই আগতীয়া আয়োজন কৰা হয়। শনিবাৰে পুৱাৰ পৰাই শিক্ষানুষ্ঠানখনৰ বাকৰি কঁপাই তোলে ঢোল, পেঁপা আৰু গগনাৰ মাতে। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। শিক্ষানুষ্ঠানখনৰ চৌহদত নাহৰ পুলি ৰোপণেৰে কাৰ্যসূচী ৰূপায়ণ কৰে ঢকুৱাখনাৰ ছেইণ্ট থমাছ স্কুলৰ অধ্যক্ষ সেৱী এম বেবীয়ে।

উক্ত অনুষ্ঠানতে অধ্যক্ষই নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া সংস্কৃতি আৰু জাতীয় পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ মনোভাবেৰে অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। শিক্ষক বিজয় চন্দ্ৰ দাস আৰু শিক্ষাৰ্থী প্ৰাচুৰ্য দৰ্শনীয়ে আঁত ধৰা অনুষ্ঠানত সাত বিহুৰ পৰম্পৰা আৰু লোকাচাৰ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে শিক্ষক-শিক্ষাৰ্থীৰ সকলো একাত্ম হৈ বিদ্যালয় প্ৰাংগণত ঢোল-তাল-গগনাৰ সুৰে সুৰে নাচি-বাগি ৰঙালীৰ উছাহত বিলীন হৈ যায়। অসমীয়া লোকসংস্কৃতিৰ সোপান তিল পিঠা, ঘিলা পিঠা, লাড়ু, চিৰা, দৈৰ অপূৰ্ব জুতিৰে শিক্ষক আৰু অভ্যাগতক আপ্যায়ন কৰে শিক্ষাৰ্থীসকলে। এদিনৰ বাবে শ্ৰেণীকোঠা এৰি লোকসংস্কৃতি, পৰম্পৰাৰ মাজত বিলীন হৈ শিক্ষক-শিক্ষাৰ্থী সকলোৱে সুদীর্ঘ সময় ধৰি ৰঙালীৰ উছাহত লীন যোৱা পৰিলক্ষিত হ’ল। অনুষ্ঠানৰ সামৰণিত বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে হেঁপাহৰ বিহুটিক আদৰণি জনাই এক বৰ্ণিল বিহুনৃত্য পৰিৱেশন কৰে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া লোক-সংস্কৃতিৰ চৰ্চা অব্যাহত ৰখা আৰু নতুন প্ৰজন্মক বিহুৰ প্ৰকৃত মহত্ত্বৰ সৈতে চিনাকি কৰি দিয়াৰ এই প্ৰয়াসে অভিভাৱক আৰু স্থানীয় ৰাইজৰ মাজতো বিশেষ আদৰ লাভ কৰিছে।

You might also like