ডিজিটেল ডেস্ক, ১২ এপ্ৰিল : ভাৰতীয় সংগীত জগতৰ বাবে এক উদ্বেগজনক খবৰ। কণ্ঠশিল্পী আশা ভোছলেক শনিবাৰে মুম্বাইৰ ব্ৰীচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শনিবাৰে সন্ধিয়া মুম্বাইৰ ব্রীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয় ৯২ বছৰীয়া সংগীত শিল্পী আশা ভোছলেক। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে অনুৰাগীসকল চিন্তিত হৈ পৰিছে। বৰ্তমান তেওঁক ইমাৰ্জেন্সী কেয়াৰ ইউনিটত ৰাখি চিকিৎসকসকলে কঠোৰ পৰ্যবেক্ষণত ৰাখিছে।
কিম্বদন্তী সংগীত শিল্পী আশা ভোছলেৰ স্বাস্থ্য সন্দৰ্ভত তেওঁৰ নাতিনী জনাই ভোছলেই ছ’চিয়েল মিডিয়াযোগে কাৰণ অৱগত কৰিছে। অত্যধিক ভাগৰ আৰু চেষ্ট ইনফেকচনৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাবলগীয়া হৈছে। চিকিৎসকসকলে জনাইছে যে অৱস্থা গুৰুতৰ হোৱা বাবে তৎক্ষণাত তেওঁক আইচিইউলৈ স্থানান্তৰ কৰা হৈছে। আশা ভোছলেৰ দ্ৰুত আৰোগ্য কামনা কৰিছে তেওঁৰ অসংখ্য অনুগামীয়ে।