নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াত আৰক্ষীৰ জালত আলফা (স্বা)ৰ সাত লিংকমেন; জেৰা অব্যাহত

ডিজিটেল ডেস্ক, মাৰ্ঘেৰিটা, ১২ এপ্ৰিল : তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত আৰক্ষীয়ে চলোৱা এক তীব্ৰ অভিযানত নিষিদ্ধঘোষিত সংগঠন আলফা (স্বাধীন)ৰ সাতজনকৈ লিংকমেনক আটক কৰিবলৈ সক্ষম হয়। বৰ্তমান অধিক তথ্যৰ বাবে আটকাধীন লোককেইজনক লেখাপানী থানাত আৰক্ষীয়ে জেৰা চলাই আছে।

​আটকাধীন লোককেইজনৰ পৰিচয় ক্ৰমে ​বৰ্লিন নেওগ (বৰডুমচা), ​মিঠু গোহাঁই (পেঙেৰী), ​লীলাম্বৰ মৰাণ (পেঙেৰী), ​বিকাশ ডেকা (কাকপথাৰ), ​শিৱ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও),​পৰিতোষ দে’ (অৰুণাচল প্ৰদেশৰ মিয়াও), ​মানৱ দে’ (মাকুম)।

​আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত সংগঠনটোৰ হৈ বিভিন্ন কাম-কাজত সহায় কৰি অহাৰ অভিযোগত তেওঁলোকক আটক কৰা হৈছে। অঞ্চলটোত আলফা (স্বা)ৰ কোনোধৰণৰ সক্ৰিয়তা বা ধন দাবীৰ দৰে ঘটনাৰ সৈতে তেওঁলোক জড়িত নেকি, সেই দিশটো আৰক্ষীয়ে বিশেষভাৱে পৰীক্ষা কৰিছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

You might also like