নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

RCB-ৰ তৃতীয় জয়, পৰাজয়ৰ হেটট্রিক মুম্বাই ইণ্ডিয়ানছৰ

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ চলিত আইপিএলত পৰাজয়ৰ হেটট্রিক৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল মুম্বায়ে ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ হাতত ১৮ ৰানত পৰাস্ত হয়৷

মেচখনত আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ২৪১ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাডাৰফ’ৰ্ডৰ অপৰাজিত ৭১, অধিনায়ক হার্দিকৰ ৪০, অ’পেনাৰ ৰিকেলটনৰ ৩৭ আৰু সূর্য কুমাৰ যাদৱৰ ৩৩ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে নির্ধাৰিত ২০ অ’ভাৰত ৫টা উইকেট হেৰুৱাই ২২২ ৰান কৰে৷

তাৰকা বেটাৰ ৰোহিত শর্মা ১৯ ৰানত ৰিটায়ার্ড হার্ট হয়৷ তিলক বার্মাই মাত্র ১ ৰান কৰি পেভিলিয়নমুখী হয়৷

আৰচিবিৰ হৈ সুয়ষ শর্মাই সর্বাধিক দুটা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি অ’পেনাৰদ্বয় ফিল ছল্ট আৰু বিৰাট কোহলিৰ লগতে অধিনায়ক ৰজত পাটিদাৰৰ দুর্দান্ত অর্ধশতকৰ সহায়ত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে নির্ধাৰিত ২০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ২৪০ ৰান সংগ্রহ কৰে৷

ছল্ট আৰু কোহলিয়ে প্রথম উইকেটত ১২০ ৰান সংগ্রহ কৰি দলক আক্রমণাত্মক আৰম্ভণি দিয়ে৷ ছল্টে ৩৬টা বলত ৬টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৭৮ ৰান কৰি বিদায় লোৱাৰ বিপৰীতে কোহলিয়ে ৩৮টা বলত ৫০ ৰানৰ অৱদান আগবঢ়ায়৷ কোহলিৰ ইনিংছটোত আছিল ৫টা চাৰি আৰু ১টা ছয়৷

ইফালে অধিনায়ক পাটিদাৰে মাত্র ২০টা বলত ৪টা চাৰি আৰু ৫টা ছয়েৰে ৫৩ ৰান কৰি দলক শক্তিশালী স্থিতিত উপনীত কৰায়৷ আনহাতে, টিম ডেভিদে মাত্র ১৬টা বলত ২টা চাৰি আৰু ৩টা ছয়েৰে ৩৪ ৰান কৰি অপৰাজিত হৈ থাকে৷

মন কৰিবলগীয়া যে ক্রমাগত চতুর্থখন মেচত উইকেট লাভ কৰাত ব্যর্থ হয় মুম্বাইৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহ৷ মুম্বায়ে এতিয়ালৈকে ৪খন মেচ খেলি ৩খনত পৰাজিত আৰু এখনত জয়লাভ কৰাৰ বিপৰীতে আৰচিবিয়ে ৪খন মেচৰ ৩খনত জয় আৰু এখনত পৰাজয় হয়৷

ডিজিটেল ডেস্ক, ১৩ এপ্রিল

You might also like