নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলাষা দত্তৰ ‘তোমাৰ সুৰৰ আঁচল ধৰি’ উন্মোচন 

গোলাঘাটত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰ,এফ আকাশৰ কথাৰে কণ্ঠশিল্পী আভিলাষা দত্তৰ সুমধুৰ দৃশ্য-শ্ৰব্য গীত ‘তোমাৰ সুৰৰ আচল ধৰি’ শুভ উন্মোচন। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতিয়ে পৰিচালনা কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ডীন ড° দেৱজিৎ ফুকনে।‌

অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে লোক-সংগীতৰ সাধক ৰুমী শইকীয়াই।‌ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী দিগন্ত কুমাৰ ভূঞা, গীতিকাৰ আৰএফ আকাশ, সাংবাদিক সাংবাদিক জয়ন্ত গগৈ, চন্দন কৰ্মকাৰ, সত্যৰঞ্জন নেওগ, দত্ত আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।‌

কৃতজ্ঞতাসূচক বক্তব্য আগবঢ়ায় কণ্ঠশিল্পী অভিলাষাৰ পিতৃ মৃদুল দত্তই। গীতটি সংগীতপ্ৰেমী ৰাইজে আদৰি ল’ব বুলি আশা কৰা হৈছে।

বিশেষ বাৰ্তা, গোলাঘাট, ১৩ এপ্ৰিল

You might also like