নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পহিলা ব’হাগত টিপলাই ৰঙালী বিহু সন্মিলনীৰ শতাধিক বয়োজেষ্ঠক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, টিপলাই, ১৬ এপ্ৰিল : গোৱালপাৰা জিলাৰ ৫৯সংখ্যক টিপলাই ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পহিলা ব’হাগৰ দিনটোত বৃহত্তৰ টিপলাই অঞ্চলৰ শতাধিক লোকক সম্বৰ্ধনা জনোৱা হয়। ১ আৰু ৬ ব’হাগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৫৯ সংখ্যক টিপলাই ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পহিলা ব’হাগৰ কাৰ্যসূচী অনুসৰি বিহু পতাকা উত্তোলন কৰে ৫৯ সংখ্যক টিপলাই ৰঙালী বিহু সন্মিলনীৰ সভাপতি গোবিন্দ নাথে, স্মৃতি তর্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ কৰ্মচাৰী কৃষ্ণকান্ত নাথে, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন কৰে টিপলাই গাঁও উন্নয়ন সমিতিৰ সভাপতি চন্দ্ৰকান্ত নাথে, গছপুলি ৰোপণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন নাথে।

ইয়াৰ পিছতে টিপলাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহত্তৰ টিপলাই অঞ্চলৰ সামাজিক, ধৰ্মীয়, বৌদ্ধিক, শিক্ষা, স্বাস্থ্য বিষয়ত অৰিহণা যোগোৱা শতাধিক বয়োজেষ্ঠক সম্বৰ্ধনা জনোৱাৰ লগতে বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কত মত বিনিময় কৰা হয়।মত বিনিময় অনুষ্ঠানত বহুকেইগৰাকী লোকে তেওঁলোকৰ দিনত উদযাপন কৰা বিহু অনুষ্ঠান আৰু বৰ্তমানৰ বিহু সম্পৰ্কত সাৰুৱা মন্তব্য প্ৰদান কৰে।

মৃণাল নাথে আঁত ধৰা অনুষ্ঠানটোত বিহুনৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে। কণ কণ ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত হোৱা খেল-ধেমালিৰ বঁটাসমূহ এই অনুষ্ঠানতে প্ৰদান কৰা হয়। অহা ৬ এপ্ৰিলত দিনৰ ৩ বজাৰ পৰা জুবিন গাৰ্গৰ গানৰ ওপৰত একক নৃত্য প্রতিযোগিতা, সন্ধিয়া ৮ বজাৰ পৰা আমন্ত্ৰিত বিহু হুঁচৰি দল, সাংস্কৃতিক দলৰ নৃত্য পৰিৱেশন আৰু আমন্ত্রিত শিল্পীৰ গীতৰ শৰাই অনুষ্ঠিত হ’ব ।

You might also like