গুৱাহাটী মহানগৰীৰ জু-ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মহানগৰীৰ সুন্দৰপুৰ অঞ্চলত এখন ফিগ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দিয়াই বাগৰি পৰাৰ ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে চালকসহ দুজন আৰোহীৰ প্ৰাণ ৰক্ষা পৰে যদিও দুয়োজনেই আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে তৎক্ষণাৎ উদ্ধাৰ অভিযান চলাই আহত দুয়োজনক উদ্ধাৰ কৰে।
জু-ৰোডত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হয়। পথত চলাচল কৰা বহু যানবাহন দীৰ্ঘসময় ধৰি আবদ্ধ হৈ থাকে।
পাছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত দুয়োজনক চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰু যান চলাচল স্বাভাৱিক কৰে।
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল