চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ অফিচত সংৰক্ষিত বনাঞ্চল বেদখলক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। আটক কৰি অনা লোকসকলক মুকলি কৰি দিয়াৰ দাবীত স্থানীয় মহিলা সহ ৰাইজে ৰুণীখাতা ৰেঞ্জ অফিচ ঘেৰাও কৰে, যাৰ ফলত এলেকাটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ৰুণীখাতা ৰেঞ্জৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ অভিযান চলোৱাৰ সময়ত বনৰক্ষীৰ দলে প্ৰায় ২৫গৰাকী আদিবাসী লোকক অবৈধ বেদখলকাৰী বুলি অভিযোগত আটক কৰি আনে। ইয়াৰ প্ৰতিবাদতে স্থানীয় ৰাইজে ৰেঞ্জ অফিচৰ সন্মুখত সমবেত হৈ আটক লোকসকলক তৎক্ষণাত মুকলি কৰি দিয়াৰ দাবী জনায়।
প্ৰতিবাদৰ সময়ত উত্তেজিত ৰাইজে বনৰক্ষীৰ এখন বাহনত আক্ৰমণ চলায়। শিল দলিয়াই বাহনখনত ক্ষতি কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনা ৰুণীখাতা আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
ইফালে, প্ৰতিবাদৰ সময়ত ৰেঞ্জ অফিচৰ ভিতৰত প্ৰৱেশ কৰা কিছুমান মহিলাক বনৰক্ষীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। বনৰক্ষীৰ প্ৰহাৰত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত মহিলা দুজনক তৎক্ষণাত চিকিৎসাৰ বাবে কাজলগাঁৱলৈ প্ৰেৰণ কৰা হৈছে।
ঘটনাক কেন্দ্ৰ কৰি ৰুণীখাতা অঞ্চলত এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ থকা বুলি স্থানীয় সূত্ৰে প্ৰকাশ কৰিছে। আৰক্ষী আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল