জামুগুৰিহাটৰ টুপীয়াৰ বগাবিল অঞ্চলত নিশা সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড, যিয়ে সমগ্ৰ এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ ঘটনাত নিজ খুড়াকৰ হাততেই প্ৰাণ হেৰুৱাবলগীয়া হয় এজন যুৱকে।
প্ৰাপ্ত তথ্য অনুসৰি, পানীৰাম মোদী নামৰ এজন লোকে ৰডেৰে মৰিয়াই মৰিয়াই নিজ ভতিজাক ৰাজীৱ মোদী (২৮)ক হত্যা কৰে। ঘটনাটো সংঘটিত হোৱাৰ পাছতেই স্থানীয় ৰাইজৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হয়।
ঘটনাৰ খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় জামুগুৰি আৰক্ষী। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত পানীৰাম মোদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বৰ্তমান আৰক্ষীয়ে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি আছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলোৱাৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল