বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক আতংকজনক ঘটনা। পৰ্যটকৰ বাহনলৈ লক্ষ্য কৰি চোঁচা লোৱা ঘটনাই কিছু সময়ৰ বাবে উৎকণ্ঠাৰ সৃষ্টি কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত এই ঘটনা সংঘটিত হয়। পৰ্যটকৰ এটা দলে জীপ ছাফাৰী কৰি থকাৰ সময়তে হঠাৎ এটা বনৰীয়া হাতীয়ে বাহনখনৰ ফালে চোঁচা লয়।
হঠাৎ সংঘটিত এই ঘটনাত পৰ্যটকসকলৰ মাজত আতংকৰ সৃষ্টি হয় যদিও চালকৰ সতৰ্কতাৰ বাবে সম্ভাৱ্য দুৰ্ঘটনা এৰাই যাবলৈ সক্ষম হয়। কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰিৰ সময়ত বনৰীয়া জীৱ-জন্তুৰ পৰা সুৰক্ষা বজাই ৰাখিবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা থাকে। তথাপিও কেতিয়াবা বনৰীয়া হাতীৰ এনে আচৰণে পৰ্যটকসকলৰ বাবে বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰে।
এই ঘটনাৰ পিছতে বন বিভাগে পৰ্যটক আৰু চালকসকলক অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল