ICUৰ ভেণ্টিলেটৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ৮এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ লগে লগে নেতাগৰাকীক লণ্ডনৰ ছেইণ্ট থমাছ হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছে। উল্লেখনীয় যে ৫ এপ্ৰিলত হাস্পতালত ভৰ্তি কৰা হৈছিল প্ৰধানমন্ত্ৰী জনছনক ইয়াৰ পূৰ্বে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ পাছত ১০দিন ধৰি ডাউনিং ষ্ট্ৰীটস্থিত বাসভৱনতে ৰখা হৈছিল প্ৰধানমন্ত্ৰীগৰাকীক। ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ লগে লগে বিশ্বৰ বিভিন্ন দেশৰ শীৰ্ষ নেতাসকলে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে। বৰ্তমান ভেণ্টিলেটৰ ব্যৱস্থাত ৰখা হৈছে জনছনক। চিকিৎসকৰ মতে সংকটজনক অৱস্থাত আছে জনছন।