নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা নিৰ্মূলৰ ২৮ দিন পাছতহে স্বাভাৱিক জীৱনযাত্ৰাৰ পোষকতা স্বাস্থ্য মন্ত্ৰালয়ৰ

নিয়মীয়া বাৰ্তা,৮ এপ্ৰিলঃ সমগ্ৰ বিশ্বত মহামাৰীৰ ৰূপ লোৱা ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ অন্ত পৰিবলৈ আৰু সাতটা দিন বাকী আছে । কিন্তু ভয়ংকৰ ভাইৰাছবিধৰ সংক্ৰমণ এতিয়াও অব্যাহত আছে । এনে পৰিস্থিতিত লকডাউনৰ ম্যাদ উকলি যোৱাৰ পাছত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হ’ব নে লকডাউনৰ সময়সীমা অধিক বৃদ্ধি হ’ব, তাক লৈ ব্যাপক চৰ্চা চলিছে । কোনো কোনো ৰাজ্য চৰকাৰে লকডাউন আৰু কিছুদিনলৈ অব্যাহত ৰখাৰ পোষকতা কৰাৰ বিপৰীতে কেতবোৰ ৰাজ্যই চৰ্ত সাপেক্ষে লকডাউন খুলি দিয়াৰ পোষকতা কৰিছে । তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন কৰ্মসূচীৰ পৰা স্পষ্ট হৈ পৰিছে যে ২১ দিনীয় লকডাউনৰ অন্ত পৰিলেও অতি সোনকালে দেশত স্বাভাৱিক জীৱনযাত্ৰা আৰম্ভ হ’বলৈ দিয়া নহ’ব । প্ৰতিৰোধ মূলক ব্যৱস্তা হিচাপেই দেশৰ পৰা ক’ৰোনা সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাৰ পাচতো পৰৱৰ্তী চাৰি সপ্তাহলৈ পূৰ্বৰ দৰে যান-বাহনৰ চলাচল , বজাৰ-সমাৰ স্বাভাৱিক হ’বলৈ দিয়া নহ’ব ।

উল্লেখ্য যে, মাৰাত্মক ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক বিস্তৃত কৰ্মসূচী প্ৰস্তুত কৰি উলিয়াইছে । ২০ পৃষ্ঠাৰ এই কৰ্মসূচীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কৰণীয় সন্দৰ্ভত স্পষ্ট ভাষাৰে আটাইবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে । এই কৰ্মসূচীৰ ১৯ নং দফাত উল্লেখ কৰা অনুসৰি কোনো এটা অঞ্চলত শেষৰটো ক’ৰোনা পজিটিভ কেছ পোৱাৰ পৰৱৰ্তী ২৮ দিনলৈ যদি নতুন পজিটিভ কেছ পোৱা নাযায় আৰু শেষৰজন ক’ৰোনা পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলো যদি ২৮ দিনলৈ ক’ৰোনাত আক্ৰান্ত নহয় , তেনেহ’লে সমগ্ৰ অঞ্চলটোক ক’ৰোনামুক্ত ঘোষণা কৰা হ’ব । এই সন্দৰ্ভত ক’ৰোনা প্ৰতিৰোধৰ বাবে অধিক বিশদ কাৰ্যব্যৱস্থাৰো উল্লেখ কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি যিবোৰ অঞ্চলত ক’ৰোনাৰ সংক্ৰমণ অধিক হোৱা দেখা গৈছে , সেই অঞ্চলসমূহ ভৌগোলিকভাৱে সম্পূৰ্ণ কোৱাৰেণ্টাইন কৰিব লাগিব । এই অঞ্চলত যিকোনো লোকৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ কৰাৰ লগতে অঞ্চলটোৰ চাৰিওফালে এটা বাফাৰজ’ন নিৰ্মাণ কৰিব লাগিব । কোৱাৰেণ্টাইন কৰা অঞ্চল আৰু বাফাৰজ’ন নিয়মীয়াকৈ ছেনিটাইজ কৰাৰ লগতে উক্ত অঞ্চলত স্বাস্থ্য পৰীক্ষাৰ মাত্ৰাও বঢ়াব লাগিব । সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ লগতে শেষৰটো পজিটিভ কেছ চিনাক্ত হোৱাৰ পৰৱৰ্তী ২৮ দিনলৈ যদি কোনো লোক ক’ৰোনাত আক্ৰান্ত নহয়, তেনেহ’লে অঞ্চলটোৰ জনসাধাৰণক স্বাভাৱিক জীৱন যাপন কৰিবলৈ দিয়া হ’ব ।

ইফালে, আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত তেওঁলোক আৰোগ্য হ’লেও দুটা স্বাস্থ্য পৰীক্ষাত ক্ৰমাগতভাৱে ক’ৰোনামুক্ত বুলি প্ৰমাণ হ’ব লাগিব । তেতিয়াহে ৰোগীসকলক হাস্পতালৰ পৰা যাবলৈ দিয়া হ’ব । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ এই নিৰ্দেশনাৰ পৰা স্পষ্ট হৈ পৰে যে অহা ১৪ দিনত ২১ দিনীয়া লকডাউনৰ অন্ত পৰিলেও ক’ৰোনা আক্ৰান্ত অঞ্চলসমূহৰ জীৱনযাত্ৰা স্বাভাৱিক নহ’ব । প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এইক্ষেত্ৰত স্পষ্ট কৰ্মসূচী ইতিমধ্যে প্ৰেৰণ কৰিছে ।

You might also like