নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত কোটি টকাৰ নিষিদ্ধ আফিং জব্দ, আটক এক

ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত শনিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই GJ-01HW-6169 নম্বৰৰ চাৰিচকীয়া ব্ৰেজা গাড়ীৰ পৰা ২৫টা পেকেটত অনা নিষিদ্ধ আফিং জব্দ কৰে।

আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি শিলচৰৰ পৰা অহা গাড়ীখনৰ তেলৰ টেংকিত লুকাই অনা আফিংখিনি জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক ৰাজস্থানৰ যোধপুৰ নিবাসী কৃষ্ণ ৰাম প্ৰজাপতিক আটক কৰে ৷ গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, জব্দকৃত প্ৰায় ২৪ কেজি আফিঙৰ বজাৰ মূল্য ১ কোটি ২০ লাখ টকা মান হ’ব ৷

You might also like