ডিজিটেল ডেস্ক, ১৯ এপ্রিল : কেন্দ্রীয় চৰকাৰৰ ১.১৯ কোটি কর্মচাৰী–পেন্সনাৰলৈ সুখবৰ৷ এতিয়াৰে পৰা কর্মচাৰী–পেন্সনাৰসকলে অতিৰিক্ত ২ শতাংশ বর্ধিত নিৰিখত মৰগীয়া বানচ (ডিএ)–মৰগীয়া সকাহ (ডিআৰ) লাভ কৰিব৷ শনিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ লগে লগে ডিএ–ডিআৰৰ পৰিমাণ ৬০ শতাংশলৈ বৃদ্ধি পালে৷
কেবিনেটৰ অন্তত কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে সদৰী কৰা অনুসৰি, চলিত বর্ষৰ পহিলা জানুৱাৰীৰ পৰা কার্যকৰী হ’বলগীয়া এই সিদ্ধান্তৰ ফলত ৫০.৪৬ লাখ কর্মচাৰী আৰু ৬৮.২৭ লাখ পেন্সনাৰ উপকৃত হ’ব৷ তদুপৰি চৰকাৰে ৰাজকোষৰ পৰা বছৰি ব্যয় কৰিব লাগিব অতিৰিক্ত ৬,৭৯১ কোটি টকা৷
উল্লেখ্য যে ক’ভিড মহামাৰীৰ সময়ত তিনিবাৰ ডিএ–ডিআৰ স্থগিত ৰাখিছিল কেন্দ্রীয় চৰকাৰে৷ অৱশ্যে ২০২১ চনৰ পৰা ইয়াক পুনৰ নিয়মীয়া কৰা হয়৷ বিগত বর্ষৰ জুলাই মাহত ২ শতাংশ ডিএ–ডিআৰ বৃদ্ধি কৰা হৈছিল৷ ইয়াৰ পিছত অক্টোবৰত ৩ শতাংশ বঢ়োৱাত ইয়াৰ পৰিমাণ হয় ৫৮ শতাংশ৷
ইফালে, শনিবাৰে অনুষ্ঠিত কেবিনেটে আৰু কেইটামান সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে কেন্দ্রীয় ৰে’লমন্ত্রী বৈষ্ণৱে৷ তাৰ ভিতৰত প্রধানমন্ত্রী গ্রাম চড়ক যোজনা–৩ৰ বাবে পূর্বে আবণ্টিত ধনৰ পৰিমাণ ৮০,২৫০ কোটিৰ পৰা ৮৩,৯৭৭ কোটি টকালৈ বৃদ্ধি অন্যতম৷ ইয়াৰ জৰিয়তে পথৰ লগতে পাহাৰ আৰু সমতল এলেকাত দলং নির্মাণ কৰা হ’ব৷ বিশেষকৈ গ্রামাঞ্চলৰ আৱাসিক এলেকাৰ সৈতে বজাৰ, বিদ্যালয় আৰু চিকিৎসালয় সংযোগী পথ নির্মাণত অগ্রাধিকাৰ দিব চৰকাৰে৷