ডিজিটেল ডেস্ক, দুধনৈ, ১৯ এপ্ৰিল : মাটিয়াৰ সাৰাপাৰা বড়ীপাৰাত সংঘটিত ভয়ংকৰ ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত মিজাউল ৰহমানক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষী। এক গোপন সূত্ৰৰ পম খেদি দুধনৈ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক হয় অভিযুক্ত মিজাউল।
উল্লেখ্য যে সাৰাপাৰা বড়ীপাৰা নিৱাসী ছানিদুল আলীক একেখন গাঁৱৰে মিজাউল ৰহমানে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ চলাই গুৰুতৰভাৱে আহত কৰিছিল। এই আক্ৰমণৰ পাছৰে পৰা অভিযুক্ত মিজাউল পলাতক হৈ আছিল।
আক্ৰমণৰ ফলত ছানিদুল আলীৰ অৱস্থা সংকটজনক হৈ পৰে। তেওঁক ততাতৈয়াকৈ মাটিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ঘটনা সন্দৰ্ভত মাটিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও অভিযুক্তজন আত্মগোপন কৰি আছিল। পিছত দুধনৈ আৰক্ষীয়ে এক সফল অভিযান চলাই মিজাউলক আটক কৰে।
বৰ্তমান ধৃত মিজাউল ৰহমান দুধনৈ আৰক্ষীৰ জিম্মাত আছে। আজি দিনৰ ভাগত তেওঁক অধিক তদন্তৰ বাবে মাটিয়া আৰক্ষীক চমজাই দিয়া হ’ব বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ৰাইজে দোষীৰ কঠোৰ শাস্তিৰ দাবী জনাইছে।