ডিজিটেল ডেস্ক, ১৯ এপ্ৰিল : ব্ৰহ্মপুত্ৰ নদীত নিখোজ হোৱা এগৰাকী কিশোৰীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে।
শুৱালকুছি নদী আৰক্ষী আৰু NDRF বাহিনীয়ে যৌথভাৱে চলোৱা শ্বাসৰুদ্ধকৰ অভিযানত কিশোৰীগৰাকীৰ মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে।
উল্লেখ্য যে শনিবাৰে বিয়লি সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈছিল আছমিনা খাতুন নামৰ ১০ বছৰীয়া কিশোৰীগৰাকীয়ে।
কিশোৰীগৰাকী মাজৰটোপ গাঁও পঞ্চায়তৰ অন্তৰ্গত আলিকাষ গাঁৱৰ বাসিন্দা আজমল হকৰ কন্যা বুলি জানিব পৰা গৈছে।