শিৱসাগৰ জিলাৰ ১নং চিন্তামণি গাঁও নিৱাসী কমল বৰুৱাৰ কনিষ্ঠ পুত্ৰ তথা ভাৰতৰ জম্মু-কাশ্মীৰ লাডাখত সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) জোৱান হিচাপে কৰ্মৰত ৰমেন বৰুৱা (৩৫)ৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
পৰিয়ালৰ সুত্ৰই জনোৱা মতে লাডাখত ডাঠ বৰফৰ বাবে যোগাযোগৰ ক্ষেত্ৰত কিছু পলম হোৱাত মৃতদেহ কাইলৈ পাবহি বুলি আশা কৰিছে।
২০১৩ চনত চাকৰিত যোগদান কৰা যুৱকজনে অহা ৫ মে’ত ছুটীত আহি পকীঘৰৰ বনোৱা ব্যৱস্থা কৰিছিল যদিও সেয়া নিয়তিয়ে হ’বলৈ নিদিলে। জোৱানজনৰ মৃত্যুৱে সমগ্ৰ চিন্তামণিগড় অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ উপৰি পত্নীসহ দুজন পুত্ৰক এৰি থৈ যায় বৰুৱাই।
নিয়মীয়া বাৰ্তা, ভগামুখ, ২০ এপ্ৰিল