নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাপানত ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি, ছুনামিৰ সতর্কবাণী জাৰি

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল : এক শক্তিশালী ভূমিকম্পৰ জোকাৰণিৰ পিছতে পুনৰ আতংক বিৰাজ কৰিছে জাপানত। ৰিখটাৰ স্কেল অনুসৰি ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই সোমবাৰে (২০ এপ্ৰিল) জাপানত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰে।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল প্ৰশান্ত মহাসাগৰৰ প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত। এই তীব্ৰ প্ৰাবল্যৰ ভূমিকম্পৰ কঁপনি উত্তৰ জাপানৰ লগতে ৰাজধানী টকিঅ’তো অনুভূত হয়।

বিশেষকৈ হুক্কাইডো আৰু ইয়াটে অঞ্চলত সম্ভাব্য ছুনামিৰ বাবে বিশেষ সতর্কবাণী জাৰি কৰা হৈছে। প্ৰশাসনে উপকূলীয় অঞ্চলসমূহত বাস কৰা লোকসকলক তৎক্ষণাত নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়ে।

ভূমিকম্পৰ পিছতে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে সংশ্লিষ্ট কৰ্তৃপক্ষই।

You might also like