অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াক লৈ কংগ্রেছসহ বিৰোধীয়ে চলোৱা অপপ্রচাৰৰ প্রত্যুত্তৰ দিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সন্দর্ভত তেওঁ তীব্র প্রতিক্রিয়া ব্যক্ত কৰে৷ সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘Gerrymandering’ শব্দটো অপৰিপক্ব কংগ্রেছ তথা বিৰোধীয়ে অসমৰ সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়াক অগ্রাহ্য আৰু দেশবাসীক বিভ্রান্ত কৰিবলৈ অতিমাত্রা ব্যৱহাৰ কৰি আহিছে৷
কংগ্রেছৰ এই অপপ্রচাৰত ভোল নাযাব৷ অসমৰ সমষ্টি পুনৰ নির্ধাৰণ কোনো ষড়যন্ত্রৰ অংশ নহয়৷ বৰং বহু দশকৰ ৰাজনৈতিক অৱহেলা আৰু ভোটবেংকৰ নামত হৈ থকা তুষ্টিকৰণৰ পাছত এক বহুদিনীয়া প্রয়োজনীয় সংশোধন৷ এই সংশোধনে প্রকৃততে অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষাক প্রতিফলিত কৰিছে আৰু অনুপ্রৱেশৰ ফলত ক্ষতিগ্রস্ত হোৱা আমাৰ সভ্যতা–সংস্কৃতি ৰক্ষা কৰাৰ দিশত এক ব্যৱস্থা হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰিছে৷
বহু বছৰ ধৰি বিশেষকৈ নামনি অসমত নিয়ন্ত্রণহীন জনগাঁথনিৰ পৰিৱর্তনে সমষ্টিসমূহৰ ৰূপ সলনি কৰি পেলাইছিল বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, কংগ্রেছ এইক্ষেত্রত নীৰৱ হৈ আছিল৷ ইয়াৰ কাৰণ এই পৰিৱর্তিত জনগাঁথনি আছিল তেওঁলোকৰ নির্বাচনী স্বার্থৰ বাবে উপকাৰী৷ সমস্যা তেতিয়াহে সৃষ্টি হৈছিল, এতিয়া নহয়৷
কংগ্রেছক সমালোচনা কৰি তেওঁ পুনৰ কয় যে আজি যেতিয়া বাস্তৱ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ স্বার্থত সীমাসমূহ পুনৰ নির্ধাৰণ কৰা হৈছে, সেই একেই বামপন্থীৰ সমর্থনপুষ্ট কংগ্রেছ নেতাসকলেই‘Gerrymandering’ বুলি ক’বলৈ উঠিপৰি লাগিছে৷
এই যুক্তি দুর্বল আৰু সম্পূর্ণ ভণ্ডামি৷ তেওঁলোকৰ গণতন্ত্র ৰক্ষা কৰাৰ প্রতি কোনোধৰণৰ গুৰুত্ব নাই৷ তেওঁলোকে সেই ব্যৱস্থাকে সমর্থন কৰিব বিচাৰে, যিয়ে তেওঁলোকক ৰাজনৈতিকভাৱে লাভাৱান্বিত কৰি আহিছে৷ সমষ্টি পুনৰ নির্ধাৰণৰ মূল উদ্দেশ্য হৈছে সমতা আৰু থলুৱা অসমীয়াৰ ৰাজনৈতিক প্রতিনিধিত্ব সুৰক্ষিত কৰা৷
এই প্রক্রিয়াই অসমৰ মাটি, সংস্কৃতি, ভাষা আৰু পৰিচয়ৰ সৈতে সংপৃক্ত ভূমিপুত্রসকল যাতে নিজৰ ৰাজ্যতেই ৰাজনৈতিকভাৱে পিছপৰি নাযায়, সেয়া নিশ্চিত কৰিছে৷ প্রকৃত সত্যটো একেবাৰেই সৰল– সমষ্টি পুনৰ নির্ধাৰণৰ বিৰোধিতা কৰা লোকসকল আচলতে অসুবিধাত পৰিছে৷ কাৰণ এই প্রক্রিয়াই তেওঁলোকে পূর্বতে অসমক বিপদৰ মুখলৈ ঠেলি দি শোষণ কৰা অসমতাৰ প্রণালীক প্রত্যাহ্বান জনাইছে৷
ডিজিটেল ডেস্ক, ২০ এপ্রিল