নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ এপ্ৰিল : শেহতীয়াকৈ গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ শিমলীতোলা অঞ্চলৰ গেৰুৱা তিনিআলিৰ পৰা নগৰবেৰা সংযোগী পথৰ মেধিপাৰা গাঁৱলৈ প্ৰায় তিনি কিলোমিটাৰ সদাব্যস্ত ৰাজপথক লৈ ৰাইজ, পথচাৰী বিবুধিত পৰিছে | একেৰাহে কেইবাবছৰ ধৰি এই পথছোৱা সাধাৰণ মেৰামতি পৰ্যন্ত নোহোৱাৰ ফলত পথটিৰ মাজে মাজে অগণন পুখুৰীসদৃশ গাঁত হৈ পৰিছে | সম্প্ৰতি সঘনাই হোৱা বৰষুণৰ ফলত গাঁতবোৰত পানী জমা হৈ পুখুৰীৰ ৰূপ লোৱাত যান-বাহন, পথচাৰীৰ বাবে মৰণফান্দসদৃশ হৈ পৰিছে পথছোৱা |
নিতৌ দিনে-নিশাই শ শ যান-বাহন চলাচল কৰে যদিও পুখুৰীৰ ৰূপ লোৱা গাঁতবোৰ আৰু পিছল হৈ পৰা বোকাময় মাটিত চকা পিছলি দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘনীভূত হৈছে | আনহাতে, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়েও বাইক অথবা স্কুটী লৈ নিতৌ পথটিৰে বিপদসংকুলভাৱে আহ-যাহ কৰিবলগীয়া হৈছে | পথটিত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে |নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজে পথটিৰ তথৈবচ অৱস্থাৰ বাবে দলীয় প্ৰাৰ্থীসকলকো আগধৰি দাবী জনাই থৈছে জয়ী হ’লে উন্নীতকৰণৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ, পিছে সময়ত নিৰ্বাচিত প্ৰতিনিধিয়ে কিমান গুৰুত্ব আৰোপ কৰে সেয়াহে হ’ব লক্ষণীয় |
পথছোৱা নামতহে পকীপথ। পিছে অবৰ্ণনীয় ৰূপত বিধ্বস্ত হৈ পৰা পকীপথৰ অস্তিত্ব সমূলি বিপজ্জনক হৈ পৰিছে। প্ৰায় তিনি কি:মি: পথত অতিকমেও পঞ্চাশ-ষাঠিটা মান বৃহদাকাৰৰ গাঁত হৈ পৰিছে | সংশ্লিষ্ট বিভাগে বছৰ বছৰ ধৰি ন্যূনতম মেৰামতিৰ দিহা নকৰাৰ ফলতেই পথছোৱাৰ এনে অৱস্থা হোৱা বুলি ৰাইজে ক্ষোভ উজাৰি শীঘ্ৰেই পথছোৱা মেৰামতি আৰু পুনৰ পকীকৰণৰ দিহা কৰাৰ দাবী জনাইছে |