নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত বিহুৰ অনুষ্ঠানত শোকাৱহ ঘটনা

ছয়গাঁৱত বিহুৰ আনন্দৰ মাজতে সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নিশা অহা ধুমুহাত গছৰ ডাল ভাঙি পৰাত এজন যুৱকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে, ছয়গাঁৱৰ পাছগুমী অঞ্চলত অনুষ্ঠিত হৈ থকা বিহুৰ অনুষ্ঠান উপভোগ কৰি থকা অৱস্থাত হঠাৎ অহা প্ৰবল ধুমুহাত গছৰ এডাল ডাল ভাঙি পৰে। এই ঘটনাত ভাস্কৰ কলিতা নামৰ প্ৰায় ২০ বছৰ বয়সীয়া এজন যুৱকৰ থিতাতে মৃত্যু ঘটে।

মৃত যুৱকজন জামবাৰী গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পাছতেই বিহুৰ আনন্দমুখৰ পৰিৱেশ শোকত পৰিণত হয়।

এই শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে আৰু শোকাকুল পৰিবেশ বিৰাজ কৰিছে।

ডিজিটেল ডেস্ক, ২১ এপ্ৰিল

You might also like