ডিজিটেল ডেস্ক, ২১ এপ্ৰিল : চৰাইদেউ জিলাৰ সোণাৰিত এক আজব আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মৃত বুলি সৎকাৰ কৰা এজন যুৱক ২৪ ঘণ্টাৰ পিছতেই জীৱিত অৱস্থাত ঘৰলৈ উভতি অহাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাটোৰ আৰম্ভণি হয় যেতিয়া সোণাৰি পৌৰসভাৰ ১২নং ৱাৰ্ডৰ বাসিন্দা বিনোদ কুৰ্মীয়ে স্থানীয় আৰক্ষীৰ পৰা এখন ফোন কল লাভ কৰে, য’ত তেওঁক জনোৱা হয় যে তেওঁৰ সৰু ভাই বিজয় কুৰ্মীৰ মৃত্যু চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ঘটিছে।
এই খবৰ পাই শোকাকুল পৰিয়ালটো তৎক্ষণাত চিকিৎসালয়লৈ ধাৱমান হয় আৰু আৰক্ষীৰ উপস্থিতিত পৰিচয় নিশ্চিত কৰাৰ পিছত মৃতদেহটো বিনোদ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ হাতত চমজাই দিয়া হয়।
পৰৱৰ্তী সময়ত পৰিয়ালটোৱে নীতি-নিয়ম অনুসৰি মৃতদেহটো সোণাৰিৰ বৰাহী চাহ বাগিচাত অৱস্থিত নৈৰ পাৰত সমাধিস্থ কৰে।
কিন্তু ঘটনাই নাটকীয় মোৰ লয় যেতিয়া সৎকাৰৰ প্ৰায় ২৪ ঘণ্টাৰ পিছতেই বিজয় কুৰ্মী নামৰ যুৱকজন সম্পূৰ্ণ সুস্থ অৱস্থাত চাইকেল চলাই নিজ ঘৰত উপস্থিত হয়। এই অদ্ভুত ঘটনাই অঞ্চলটোত আতংক আৰু বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।
বিজয়ক জীৱিত দেখি কুৰ্মী পৰিয়ালটোৱে স্বস্তি লাভ কৰিলেও ইতিমধ্যে সমাধিস্থ কৰা মৃতদেহটো কাৰ আছিল, সেই প্ৰশ্ন এতিয়া উদ্ৰেক হৈছে।
চৰাইদেউ আৰক্ষী আৰু জিলা প্ৰশাসন এতিয়া এই জটিল ৰহস্যৰ সন্মুখীন হৈ সমাধিস্থ কৰা ব্যক্তিজনৰ প্ৰকৃত পৰিচয় উদঘাটনৰ চেষ্টা অব্যাহত ৰাখিছে।