আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ ৰছিদ খানক ভাৰতীয় নাগৰিকত্বৰ প্রস্তাৱ
ডিজিটেল ডেস্ক, ২১ এপ্রিল : আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ তথা আইপিএলৰ গুজৰাট টাইটানছ দলৰ সদস্য ৰছিদ খানে শেহতীয়াকৈ এক চাঞ্চল্যকৰ তথ্য সদৰী কৰিছে৷ তেওঁৰ গ্রন্থ ‘ৰছিদ খান : ফ্রম ষ্ট্রীটছ টু ষ্টাৰডম’ত উল্লেখ কৰা মতে তেওঁলৈ আগঢ়োৱা হৈছিল ভাৰতীয় নাগৰিকত্বৰ প্রস্তাৱ৷ একেদৰে অষ্ট্রেলিয়ায়ো দেশখনৰ নাগৰিকত্ব গ্রহণ কৰিবলৈ প্রস্তাৱ দিছিল ৰছিদ খানক৷ কিন্তু নিজ দেশৰ প্রতি থকা আনুগত্যৰ বাবে তেওঁ এই দুয়োটা প্রস্তাৱ পোনচাটেই প্রত্যাখ্যান কৰে৷
প্রণিধানযোগ্য যে ২০২৩ চনৰ আইপিএল ছীজনৰ এটা বিশেষ অভিজ্ঞতাৰ কথা বর্ণনা কৰি ৰছিদে লিখিছে যে এজন দলীয় বিষয়াই তেওঁক ভাৰতীয় ক্রিকেটৰ এজন জ্যেষ্ঠ ব্যক্তিক লগ কৰিবলৈ কৈছিল৷ সেই ব্যক্তিজনে ৰছিদক কৈছিল– ‘তোমাৰ দেশ আফগানিস্তানৰ পৰিস্থিতি অতি বেয়া৷ তুমি ভাৰততে থকাৰ কথা চিন্তা কৰা৷ আমি তোমাক ভাৰতীয় নথি–পত্র উলিয়াই দিম, ইয়াতেই থাকা আৰু ইয়াৰ হৈয়ে ক্রিকেট খেলা৷’
ৰছিদে গ্রন্থখনত উল্লেখ কৰা মতে, তেওঁ এই কথাত আচৰিত হৈছিল যদিও হাঁহি মুখে উত্তৰ দিছিল- ‘বহুত ধন্যবাদ৷ মই মোৰ দেশ আফগানিস্তানৰ হৈ খেলি আছোঁ আৰু খেলি যাম৷’ ৰছিদে কিতাপখনত স্পষ্ট কৰি দিছে যে এনে ধৰণৰ প্রস্তাৱ কেৱল এখন দেশৰ পৰাই নহয়, অষ্ট্রেলিয়াৰ পৰাও আহিছিল৷