নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীয়কত কোটিটকীয়া শিপিনী প্ৰশিক্ষণ কেন্দ্ৰ শ্মশান যাত্ৰা, নীৰৱ দৰ্শক চৰকাৰ-বিভাগ

“আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল”-এই আপ্ত বাক্যশাৰী যেন এশ শতাংশই শুদ্ধ হিচাপে বিবেচিত হৈছে হস্ত-তাঁত বস্ত্ৰশিল্প বিভাগ। অসম চৰকাৰে মহিলা সবলীকৰণৰ নামত অৰুণোদয় আঁচনিকে ধৰি বহু বোৰ আঁচনি গ্ৰহণ কৰিলে অথচ আন সময়ততো দূৰৈৰ কথা ব’হাগ বিহুৰ সময়ত চাহিদা অনুসৰি প্ৰয়োজন হোৱা গামোচা বহি ৰাজ্যৰ পৰা আমদানি কৰিব লগা হোৱা ঘটনাই মহিলা সকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ সফল ৰূপায়ণ যে হোৱা নাই সেয়া নিশ্চিত হৈ পৰিছে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সু পৰিকল্পনাৰ অভাৱ আৰু বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ চৰম দায়িত্বহীন কাণ্ডৰ বাবে পাৱাৰলুম গামোচাৰ উভয় নদী হৈ পৰিছে ৰাজ্য খনৰ বজাৰ।

চৰকাৰ তথা একাংশ জাতীয় দল সংগঠনে বহি ৰাজ্যৰ পৰা অহা পাৱাৰলুম গামোচাৰ বিক্ৰী বন্ধ কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে থিকেই কিন্তু চাহিদা অনুসৰি ৰাজ্যখনত গামোচা উৎপাদনৰ বাবে নাই কোনো বিশেষ পৰিকল্পনা।

শিপিনী সকলৰ সুবিধাৰ্থে ৰাজ্যৰ বিভিন্ন স্থানত শিপিনী সকলৰ বাবে গৃহ নিৰ্মাণ কৰি কোটি কোটি টকা ৰাজহুৱা ধনৰ শৰাধ পাতিলে অথচ এই সমূহৰ পৰা এখনো গামোচা উৎপাদন নহ’ল।

উল্লেখযোগ্য যে যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ নপমুৱাত টাই আহোম উন্নয়ন পৰিষদৰ তত্বাৱধানত প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হস্ত-তাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ গৃহত আজিও প্ৰশিক্ষণ প্ৰদান কৰা নহ’ল এগৰাকীও শিপিনীক।

২০১৩-১৪ বৰ্ষত কংগ্ৰেছ চৰকাৰৰ শাসনকালত আধাৰশিলা কৰা এই অনুষ্ঠানটো ২০১৬ চনত তদানীন্তন হস্ত-তাঁত বস্ত্ৰশিল্পৰ মন্ত্ৰী ৰঞ্জিত দত্তই ঢাক-ঢোল বজাই উদ্বোধন কৰে যদিও এগৰাকীও শিপিনীক প্ৰশিক্ষণ প্ৰদান কৰা নহ’ল। সুদীৰ্ঘ দিন ব্যৱহাৰৰ অভাৱত জহি খহি গৈছে প্ৰশিক্ষণ গৃহটো।

প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় মূল্যৱান তাঁতশালকে ধৰি মূল্যৱান আচ-বাব জহিখহি গৈছে। গৃহটোত সংযোগ কৰা বৈদ্যুতিক সামগ্ৰী, জেনেৰেটৰ আদিৰ কিছু অংশ চোৰে নিয়াৰ উপৰি বহু সামগ্ৰী মামৰে ধৰিছে। বৰ্তমান এৰাবাৰীত পৰিণত এই গৃহ এতিয়া মদ, জুৱাৰ আড্ডা স্থললৈ পৰ্যবসিত হৈছে।

কোটি টকা ব্যয় কৰি ব্যৱহাৰ নকৰাকৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰা এই হস্ত-তাঁত বস্ত্ৰশিল্প প্ৰশিক্ষণ কেন্দ্ৰটোত শিপিনীক প্ৰশিক্ষণ প্ৰদান কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবনে? কেৱল এয়াই নহয় টীয়কৰ চিন্তামণি গড়ৰ খাটোৱালত থকা হস্ত -তাঁত বস্ত্ৰশিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱেও এতিয়া মৃত্যুৰ ক্ষণ গণিছে।

মৃতপ্ৰায় শিপিনী প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ উন্নতি সাধন কৰি শিপিনীসকলক তাঁতশালত মনোনিৱেশ কৰাৰ এক পৰিৱেশ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় সচেতন ৰাইজে।

হিতাধিকাৰী সৃষ্টিৰে নহয় মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ চৰকাৰে উৎপাদনমুখী কামত মহিলা সকলক নিয়োজিত কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে।

নিয়মীয়া বাৰ্তা, কাকজান, ২১ এপ্ৰিল

You might also like