নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণতলীত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ, শ শ বিঘা কৃষিভূমি নষ্ট

নিয়মীয়া বাৰ্তা, সোণতলী, ২১ এপ্ৰিল : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলী আৰু ৰাংগাপানী অঞ্চলত যোৱানিশাৰ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰে৷

জানিব পৰা মতে, যোৱানিশা বৃহত্তৰ সোণতলী, ৰাংগাপানী অঞ্চলত এজাক ধুমুহা আৰু শিলাবৃষ্টিয়ে তাণ্ডৱ চলায়৷ কালৰূপী ধুমুহাই বৃহত্তৰ অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি নষ্ট কৰাৰ ফলত কৃষকসকলৰ মাজত  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰচণ্ড ধুমুহাৰ ফলত অঞ্চলটোৰ ঠায়ে ঠায়ে গছ-গছনি উভালি পৰে। শিলাবৃষ্টিত বহু দৰিদ্ৰ পৰিয়ালৰ টিনপাতৰ চালি ফুটা হৈছে। ইয়াৰ ফলত বৰষুণৰ পানী সোমাই ঘৰৰ ভিতৰৰ আচবাব আৰু খাদ্য সামগ্ৰী নষ্ট হৈছে।

প্ৰচণ্ড ধুমুহাৰ ফলত গছ পৰি বিদ্যুতৰ তাঁৰ ছিগি পৰাত সোণতলী আৰু ৰাংগাপানী অঞ্চলত নিশাৰে পৰা বিদ্যুৎ সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। বিদ্যুৎ যোগান ব্যাহত হোৱাত অঞ্চলটোৰ স্বাভাৱিক জনজীৱন স্থবিৰ হৈ পৰিছে। ধুমুহা-শিলাবৃষ্টিত ক্ষতি হোৱা পৰিয়ালক চৰকাৰীভাৱে সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনাইছে৷

You might also like